থাওৰাত কংগ্ৰেছৰ তুলনাত ৰাইজৰ দল শক্তিশালী, কংগ্ৰেছে প্ৰাৰ্থী নিদিলে গেৰাণ্টি দিছোঁ আমি জিকিম- বিধায়ক অখিল গগৈ

A

নিউজ ডেস্ক :

'কংগ্ৰেছে থাওৰাত প্ৰাৰ্থী নিদিলে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকী জয়ী হোৱাটো নিশ্চিত।কংগ্ৰেছ দলৰ থাওৰাত নিৰ্বাচনত জিকিব পৰাৰ অৱস্থা নাই।কংগ্ৰেছৰ তুলনাত ৰাইজৰ দল যথেষ্ট শক্তিশালী থাওৰাত।ৰাইজৰ দলে সমষ্টিটো এৰি দিলেও কংগ্ৰেছ জয়ী হ'ব নোৱাৰে'-এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।সমষ্টিটোত বৰ্তমান জনতাৰ আস্থাভাজন কংগ্ৰেছৰ নেতা নাই।কংগ্ৰেছৰ বহুসংখ্যক সদস্য বিজেপিত যোগদান কৰিছে।ভূপেন বৰা- দেৱব্ৰত শইকীয়াই খেলা হলে সমষ্টিতো এৰি দিলোঁ হেতেন লগতে তেওঁ কয়।

'ৰাইজৰ দলক থাওৰা এৰি দিলে মৰিয়নি সমষ্টিত কংগ্ৰেছক আমি জিকাম।ৰাণা গোস্বামীয়ে মৰিয়নিৰ প্ৰাৰ্থী হওঁক, জিকাই দিয়াৰ দায়িত্ব আমাৰ'- কংগ্ৰেছক আহ্বান জনায় এইদৰে কয় গগৈয়ে।

ভৱানীপুৰ সমষ্টিত ভূপেন বৰাক নির্বাচন খেলাৰ আহ্বান জনাই ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে কয়- নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মই যাম।জয়ী কৰাই অনাৰ দায়িত্ব আমাৰ থাকিব।

কংগ্ৰেছ-ৰাইজৰ দলৰ বুজাবুজি থাওৰা সমষ্টিকলৈ হ'ব।পাঁচখনৰ ৪খন আসন বিজেপি বিৰোধীৰ শক্তিজয়ী হ'ব।বুজা-বুজি নহলে বিজেপিক থাওৰা-মৰিয়নি এৰি দিয়া হ'ব বুলি উল্লেখ কৰি গগৈয়ে কংগ্ৰেছক বুজাবুজিৰ বাবে আহ্বান জনায়।

উল্লেখ্য যে উপ-নির্বাচনত থাওৰা সমষ্টিত কংগ্ৰেছে নিজা প্ৰাৰ্থী থিয় কৰোৱাৰ বিপৰীতে ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰাৰ কথা ঘোষণা কৰিছিল।কিন্তু ৰাইজৰ দলে কংগ্ৰেছ দলৰ এই সিদ্ধাতত সন্মতি প্ৰকাশ কৰা নাই।ইতিমধ্যে থাওৰা সমষ্টিত দলটোৱে ধৈর্য কোঁৱৰক প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰিছে।

Your Comments