মডেল ৰাজকন্যা বৰুৱা জামিন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কলে-এদিন জামিন পোৱা মানেই কাহিনীটো শেষ নহয়

A

নিউজ ডেস্ক:

শুকুৰবাৰে গুৱাহাটী মহানগৰৰ জিএছৰোডত কৰ্তব্যৰত শ্ৰমিকক তীব্ৰবেগী বাহনেৰে মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱা পুনৰ হ'ব পাৰে গ্ৰেপ্তাৰ।সমগ্ৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিমত প্ৰকাশ কৰিছে ।

'এদিন জামিন পোৱা মানেই কাহিনীটো শেষ নহয়।এদিন- দুদিন-তিনিদিন সময় চাওক।আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।জামিন পালে আৰক্ষীৰে অসুবিধা হ'ব'- মুখ্যমন্ত্ৰীয়ে কয়।

আনহাতে সমগ্ৰ ঘটনাটোৰ তদন্তত জড়িত থকা দিছপুৰ থানাৰ দুগৰাকী আৰক্ষী বিষয়াক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰিছে।উল্লেখ্য যে শুকুৰবাৰে নিশা সুৰাপান কৰি গাড়ী চলাই ৮ জনকৈ শ্ৰমিকক মহতিয়াই নিছিল মডেল গৰাকীয়ে।ঘটনা সংঘটিত কৰাৰ ২৪ঘণ্টা নৌহওতে আৰক্ষীৰ সোপা ধিলা নীতিৰ বাবে জামিন লাভ কৰিছিল।

Your Comments