অসম আৰক্ষীয়ে সাংসদ দিলীপ শইকীয়া-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰক- ভূপেন বৰা

A

নিউজ ডেস্ক:


চিপাঝাৰৰ ঢলপুৰত উচ্ছেদত সংঘটিত সংঘাতত দুজন নহয় ৬০০মানুহ মাৰিব লাগিছিল বুলি বিতৰ্কিত মন্তব্য কৰা মংগলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু অসম বিধানসভাত জয় বাংলাদেশ বুলি কোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও অসম আৰক্ষীক গোচৰ ৰুজু কৰাৰ দাবী কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।সৎ-নিষ্ঠাৱান বিষয়া হিচাপে আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ইয়াৰ ব্যৱস্হা লওঁক, লগতে তেওঁ কয়।

'আমাৰ বিধায়ক কম ২৯ জনৰ দুজন চোৰ হ'ল।বৰ্তমান ২৭জন বিধায়ক তাৰে এজনক গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীক ইয়াৰ বাবে বেয়া পোৱা নাই।কিন্তু মুখ্যমন্ত্ৰী আৰু সাংসদ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লৈ আইন সকলোৰে বাবে সমান বুলি আৰক্ষীয়ে দেখুৱাব নোৱাৰিলে বেয়া পাম'- বৰাই কয়।

আনহাতে, শ্বেৰমান আলীয়ে যি দিনা আত্মপক্ষ সমৰ্থনত শ্ব'কজৰ উত্তৰ দিব সেই সময়ত পৰৱৰ্তী সিদ্ধান্ত লম।পূৰ্বতেও বহুত ভুল কৰিছিল বিধায়ক গৰাকীয়ে।কিন্তু তেতিয়া দলে চকু মুদা কুলিৰ ভাও ধৰিছিল।মই কিন্তু চকুমুদা কুলি নহয়- বৰাই লগতে কয়।

Your Comments