৮জন শ্ৰমিকক মহতিয়াই নিয়া ৰাজকন্যা বৰুৱাৰ জামিনত সুযোগ দিয়া দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

A

 


নিউজ ডেস্ক:
দুদিন পূৰ্বে গুৱাহাটী মহানগৰীত নিশা ৮জনকৈ কৰ্তব্যৰত শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ।আৰক্ষীৰ আয়ুক্তালয়ে সোমবাৰে দিছপুৰ আৰক্ষী থানা যান-বাহন শাখাৰ এছআই(ইউবি)চাহিৰ আলি আৰু ডব্লিউএছআই আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল'জ কৰিছে।

উল্লেখ্য যে  শুকুৰবাৰে নিশা সান্ধ্য আইন ভংগ কৰি জিএছ ৰোডত কৰ্তব্যৰত ৮জনকৈ শ্ৰমিক মডেল গৰাকীয়ে মহতিয়াই নিছিল।সুৰা সেৱন কৰি গাড়ী চলাই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনাটো।

গুৰুত্বপূৰ্ণ কথা এই যে দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল তীব্ৰবেগী গাড়ী খন জোচেফ নামৰ শ্ৰমিকজনৰ ভৰি ওপৰেৰে উঠি গৈছিল।ফলত ঠাইতে এখন ভৰি ছিঙি যোৱাৰ বিপৰীতে অন্যখন ভৰি ইতিমধ্যে কাটি পেলাব লগা হৈছে।

ৰহস্যজনক কথা  এই যে ৮জন শ্ৰমিকক ৰাজপথত মহতিয়াই নিয়া মডেল ৰাজকন্যাই শনিবাৰে জামিন লাভ কৰিছিল।অভিযোগ উঠিছিল আৰক্ষীৰ দুর্বলতাৰ বাবে জামিন লাভ কৰিলে মডেল গৰাকীয়ে।সামাজিক মাধ্যমত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টোত জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে।

আনহাতে, মুখ্যমন্ত্ৰীয়ে অৱগত কৰা অনুসৰি যিকোনো মূহুৰ্ততে পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে ৰাজকন্যা বৰুৱা।

Your Comments