উপ-নিৰ্বাচনত মাজুলী সমষ্টিত এজেপিয়ে কৰিব প্ৰতিদ্বন্দিতা ,যৌথ সংবাদমেলত কংগ্ৰেছ নেতৃত্বৰ ঘোষণা

A

 

নিউজ ডেস্ক:

ভাৰতীয় জনতা পাৰ্টীক পৰাস্তৰ স্বাৰ্থত আগন্তক উপ-নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ।এই কথা দেওবাৰে চুড়ান্ত কৰে দুয়োটা দলৰ নেতৃত্বই।চৰ্ত অনুসৰি মাজুলী সমষ্টি এজেপিক এৰিলে কংগ্ৰেছে। বিপৰীতে বাকী চাৰিটাকৈ সমষ্টিত কংগ্ৰেছে প্ৰক্ষেপিত প্ৰাৰ্থীক সহায় কৰিব এজেপিয়ে।দেওবাৰে যৌথ সংবাদমেলত আনুষ্ঠানিক ঘোষণা দুয়োটা দলৰ নেতৃত্বই।এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সম্বোধন কৰা সংবাদমেলত ৰাইজৰ দলক ভৱানীপুৰ সমষ্টি এৰিবলৈ সাজু বুলি উল্লেখ কৰে।

ইফালে ৰাইজৰ দলে ভৱানীপুৰ সমষ্টিত কংগ্ৰেছৰ সৈতে ঐক্যবদ্ধ হ'ব নে নাই সেইয়া বর্তমানো চুড়ান্ত কৰা নাই।অহা ৭অক্টোবৰলৈ ইয়াৰ বাবে অপেক্ষা কৰিম বৰাই কয়।


আনহাতে কংগ্ৰেছে গোঁসাইগাওঁ থাওৰা, মৰিয়নী, তামোলপুৰ সমষ্টিত প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰিব।ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে ৪টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা দলীয় নেতৃত্বলৈ প্ৰেৰণ কৰা বুলি কয়।

উল্লেখ্যে যে  সংবাদমেলত এজেপিৰ পৰা বাণী দাস, জিয়াউৰ ৰহমান আৰু কংগ্ৰেছৰ ৱাজেদ আলি চৌধুৰী, কমলাক্ষ দে পুৰকায়স্থ উপস্থিত থাকে।

Your Comments