কংগ্ৰেছ দলৰ পৰা নিলম্বন শ্বেৰমানক :পানবজাৰ আৰক্ষী জিম্মাত ওৰে ৰাতি চলিছে জেৰা

A

B


নিউজ ডেস্ক :

শ্বহীদক অপমান কৰি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক  দলৰ পৰা নিলম্বন।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলীয় অনুশাসন ভংগৰ অপৰাধত নিলম্বন কৰা কথা ঘোষণা কৰে।উল্লেখ্য যে শ্বহীদক ঘাটক আখ্যা দিয়া সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী দিছিল আলীক।৩ দিনৰ সময়সীমা বান্ধি দিছিল দলে ।কিন্তু সময়সীমা উকলি যোৱাৰ পাছতো বিধায়ক আলীয়ে উত্তৰ নিদিয়াত দলে নিলম্বন কৰে।

শনিবাৰে সন্ধিয়া অসম আৰক্ষীয়ে দিছপুৰ বিধায়ক আৱাসতে গ্ৰেপ্তাৰ কৰিছিল।তাৎপৰ্যপূৰ্ণ  কথা এই যে ২১খন থানাত বিতৰ্কিত বিধায়ক গৰাকীৰ বিৰুদ্ধে আছে গোচৰ।দেওবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 2দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।পানবজাৰ থানাত সম্প্ৰতি ৰখা হৈছে শ্বেৰমানক।

আনহাতে জিম্মাৰ প্ৰথমৰাতিত আৰক্ষীৰ তীক্ষ্ণ জেৰাৰ মূখামুখী হৈছে বিধায়ক গৰাকী।

Your Comments