গৰুখুঁটি উচ্ছেদিতক গুলিবর্ষণ, গৰিহণা ৰাইজৰ দলৰ: হিমন্ত চৰকাৰে সাম্প্ৰদায়িক-হিটলাৰী শাসন চলাইছে

নিউজ ডেস্ক :


ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত জনতাৰ ওপৰত আৰক্ষী তথা প্ৰশাসনৰ বৰ্বৰ আক্ৰমণক তীক্ষ্ণ ভাষাৰে গৰিহণা ৰাইজৰ দলৰ। উচ্ছেদৰ বিৰোধিতা কৰি পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰি আৰক্ষীৰ গুলিত ২জনকৈ লোক নিহত হয়।

উল্লেখ্য যে আৰক্ষীৰ বৰ্বৰ আক্ৰমনক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ দলে কয়- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ এইয়া চূড়ান্ত সাম্প্ৰদায়িক দৃষ্টিভঙ্গী আৰু হিটলাৰী শাসনৰ কু-ফল।

ৰাইজৰ দলে বিকল্প সংস্থাপনৰ অবিহনে সকলো ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে, লগতে শীঘ্ৰে উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে।

Your Comments