দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

A

 

নিউজ ডেস্ক :
যোৱা ২৩ ছেপ্তেম্বৰ  বুধবাৰৰ পৰা  উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ দুদিনীয়া  কাৰ্যনিৰ্বাহক সভা ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দলীয় পতাকা উত্তোলন কৰি  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ পাচতে গছপুলি ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়  ।
অনুষ্ঠ‍ানটিত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত  আধাৰিত এক প্ৰদর্শনীৰ দ্বাৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ,প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । 
উল্লেখযোগ্য যে ভৱেশ কলিতা নেতৃত্বাধীন প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শর্মা, উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি ভালেসংখ্যক দলীয় নেতৃত্ব ৷
সভাপতিৰ আসনত থকা  ভৱেশ কলিতাই কয়, ‘‘বিজেপি অসমত এতিয়া এক বটবৃক্ষত পৰিণত হৈছে । দলৰ প্ৰতিষ্ঠাকালৰ মুষ্ঠিমেয় কাৰ্যকর্তাৰ অক্লান্ত পৰিশ্ৰম আৰু ৰাজনৈতিক পৰিক্ৰমাৰ ফলশ্ৰুতিত এতিয়া দলৰ কাৰ্যকর্তা ৪২ লাখতকৈও অধিক হৈছে’’ ৷

B

Your Comments