ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন শিৱ থাপাৰ

A


নিউজ ডেস্ক:
ৰাষ্ট্ৰীয় বক্সিঙত পুনৰ নিজৰ নাম উজলাবলৈ সক্ষম হৈছে শিৱ থাপা ৷উল্লেখযোগ্য যে কৰ্ণাটকৰ বেল্লাৰিৰ ইন্সপায়াৰ ইনষ্টিটিউট অফ স্পৰ্টচত মঙলবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেল মেচখনত বক্সাৰ শিৱ থাপাই চাৰ্ভিচেছ  স্পৰ্টচ ক’ন্ট্ৰল  বৰ্ডৰ বক্সাৰ দলবীৰ সিং টোমৰক ৫-০ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷গুৰুত্বপূৰ্ণ কথা এই যে ৬৩.৫কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দীতা কৰা  শিৱ থাপাই উত্তৰ প্ৰদেশৰ অভিষেক যাদৱক ৪-১ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ।

Your Comments