মিছন বসুন্ধৰাৰ নৃত্য-নাতিকাৰ দালাল গ্ৰেপ্তাৰ- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:

পাঁচ শতাধিক ভু-মাফিয়া গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তৱ্য।'দালালৰ তথ্য লাভৰ উৎসৰ পৰা ৭০০নাম পাইছোঁ।নামত পুঠী-খলিহনা আছে নে ডাঙৰ আছে তাক চোৱা কোনো চিষ্টেম নাই।কোনোবা ৰৌ-বৰালিৰ নাম দিব খুজিলে দিয়ক, নিশ্চয় পুলিচে তদন্ত কৰিব'।

সোমাবাৰে নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অভিযানত দালাল গ্ৰেপ্তাৰ কৰাটো এটা কেৱল বাৰ্তাৰ বাবে, অন্য ধৰণৰ কথা নাই।২অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ কাম আৰম্ভ হ’ব।পৰ্টেল বা আৱেদনৰ জৰিয়তে ৰাইজে মাটি সম্পৰ্কীয় যিকোনো উজৰ-আপত্তি আবেদন কৰিব।১০মে'ৰ ভিতৰত সকলো কাম কৰি দিয়া হ’ব'- শৰ্মাই কয়।২অক্টোবৰৰ পৰা যাতে কোনো দালাল কাৰ্যালয়লৈ যাব নোৱাৰে তাৰ বাবে এইটো বাৰ্তা আছিল।দালালে এই বাৰ্তালৈ কাৰ্যালয়লৈ নগলে ভাল।মই কোনো শাস্তিমূলক ব্যৱস্থা লোৱা নাই।মিছন বসুন্ধৰা সফল কৰাৰ বাবে প্ৰচেষ্টা- লগতে কয়।

দালাল গ্ৰেপ্তাৰ থিয়েটাৰৰ পূৰ্বৰ নৃত্য -নাতিকা আখ্যা দি শৰ্মাই কয়- মিছন বসুন্ধৰা সফল কৰা প্ৰাক কাৰ্যপন্থা আছিল গ্ৰেপ্তাৰ।এতিয়াৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ যোগে মাটি ক্ৰয়-বিক্ৰীৰ প্ৰমাণ দিব পাৰিব ।

Your Comments