বিশ্ব গঁড় দিৱসত ২১পুৰোহিতৰ মন্ত্ৰচ্চাৰণত অসম চৰকাৰে দাহ কৰে ২৪৭৯গঁড়ৰ খৰ্গ

A

নিউজ ডেস্ক:

বিশ্ব গঁড় দিৱসৰ দিনটোতে অসম চৰকাৰে বোকাখাট ৰাজহুৱা খেল পথাৰত দাহ কৰিলে ২৪৭৯ টাকৈ মূল্যবান গঁড়ৰ খৰ্গ।কোষাগাৰত জমা হৈ থকা খৰ্গসমূহ ২১গৰাকী পুৰোহিতৰ মন্ত্ৰচ্চাৰণত দাহ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যিক কেবিনেটৰ অনুমতিৰ ভিত্তিত বন বিভাগে সংৰক্ষণ কৰি ৰখা খৰ্গদাহ কাৰ্যসূচীত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে শীর্ষ বিষয়াসকল।উল্লেখ্য যে অত্যাধুনিক পদ্ধতিৰে পাঁচটাকৈ কেৰাহীত দাহ কৰা হয় মূল্যবান খৰ্গসমূহ।

 মূল্যবান খৰ্গসমূহ সংৰক্ষণ বা চৰকাৰে বিক্ৰীৰ পৰিৱৰ্তে জ্বলাই ধ্বংস কৰি দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়-গঁড়ৰ খৰ্গত কোনো ঔষধি গুণ নাই।ভ্ৰান্ত ধাৰণা লৈ গঁড় হত্যা নকৰিব।ড্ৰাগছ বিক্ৰীৰে যিদৰে চৰকাৰ চলাব নোৱাৰি ঠিক  গঁড়ৰ খৰ্গ বিক্ৰী কৰি চৰকাৰ চলিব নোৱাৰে।আপুৰুগীয়া সম্পদ গঁড় জীয়াই থকাটোৱে গৌৰৱৰ কথা।গঁড় মাৰি খৰ্গকাটি কোনো সভ্য সমাজ জীয়াই থাকিব নোৱাৰে।খৰ্গক লৈ ৰাইজৰ মনত থকা ভ্ৰান্ত ধাৰণা নাইকিয়া কৰা বাবে দাহণ কৰা হৈছে-মুখ্যমন্ত্ৰীয়ে লগতে কয়।

মঞ্চৰ পৰাই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে খৰ্গসমূহত অগ্নিসংযোগ কৰে।
 
তাৎপৰ্যপূৰ্ণ কথা এই যে  খৰ্গসমূহ তেজপুৰ, নগাঁও, কাজিৰঙা আৰু গোলাঘাট কোষাগাৰত জমা আছিল।

বৈদিক ৰীতি-নীতিৰে খৰ্গ দাহন স্থলীত দিল্লীৰ পৰা অনা ড্ৰোনেৰে পুষ্পবৃষ্টি কৰাৰো পৰিলক্ষিত হয়।পুষ্পবৃষ্টিৰ বাবে অনা এখন ড্ৰোন বিজুটি ঘটি খৰ্গদাহৰ জুইত জাহ যায়।

B

Your Comments