নৱম, একাদশ আৰু স্নাতক দ্বিতীয় বৰ্ষৰ পাঠদানৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ, পঢ়ি লওঁক

A

নিউজ ডেস্ক:

ক'ৰনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত বন্ধ হৈ থকা শিক্ষানুষ্ঠান মুকলি কৰাক লৈ  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা।ৰাজ্যৰ নৱম, একাদশ আৰু স্নাতক দ্বিতীয়বৰ্ষৰ শ্রেণীসমূহ ১অক্টোবৰৰ পৰা আৰম্ভ হ'ব।বোকাখাটত খৰ্গ দাহ কৰি সংবাদ মাধ্যমক জনাই এই কথা।

উল্লেখ্য যে দ্বাদশ, স্নাতক চুড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চুড়ান্ত বৰ্ষৰ শ্রেণীৰ পাঠদান আৰম্ভ হৈছে ৰাজ্যত।

আনহাতে, পৰ্যায়ক্ৰমে অন্য শ্রেণী সমূহো আৰম্ভ কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে  ক'ৰনাৰ বাবে যোৱা জুলাই মাহৰ পৰা ৰাজ্যত বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ।

Your Comments