NHPC ৰ বিৰুদ্ধে গোগামুখত যুৱ-ছাত্ৰ পৰিষদৰ অনিৰ্দিষ্ট কালীন সৰ্বাত্মক অৱৰোধ

A

নিউজ ডেস্ক:

নিৰ্মীয়মান নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে  গোগামুখত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অনিৰ্দিষ্টকালীন সৰ্বাত্মক অৱৰোধ মঙলবাৰৰ পৰা আৰম্ভ হয়।নদীবান্ধ নিৰ্মানকাৰী সন্থা এনএইচপিচিৰ বিৰুদ্ধে আৰম্ভ কৰা যুৱ-ছাত্ৰ পৰিষদৰ সৰ্বাত্মক অৱৰোধ মঙলবাৰে পুৱা ১০ বজাৰ পৰা বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু স্থানীয় প্ৰায়  ২হাজাৰ লোকৰ উপস্থিতিত আৰম্ভ হয়।এনএইচপিচিলৈ অহা  বিভিন্ন সামগ্ৰী কঢ়িওৱা যান বাহন ঘূৰাই পঠিয়াই অৱৰোধকাৰীয়ে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়-উত্তৰ অসমৰ বিশেষকৈ ধেমাজী, লখিমপুৰ, মাজুলী আৰু বিশ্বানাথ জিলাৰ নৈ পৰীয়া ৰাইজৰ বাবে জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম গোপনে আৰু সকলো পূৰ্ব চৰ্ত ভংগ কৰি এনএইচপিচিক সমাপন কৰিবলৈ চৰকাৰে সহযোগ কৰি প্ৰকৃততে উত্তৰ অসমৰ ৰাইজক চূড়ান্ত বিশ্বাস ঘাতকতা কৰিছে। সততে সভ্যতা-সংস্কৃতিৰ কথা কোৱা শাসকীয় বিজেপি চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম কৰিবলৈ দি কাৰ্য্যতঃ উত্তৰ অসমৰ এক বিশাল অঞ্চলৰ সভ্যতা ধংস কৰিব বিছাৰিছে।কেবল মাত্ৰ বিদ্যুৎ উৎপাদন কৰি আহৰণ কৰা মুনাফাৰ বাবে প্ৰকল্পৰ নামনিৰ 965 খন গাঁৱৰ লাখ লাখ ৰাইজৰ জীৱন আৰু সম্পত্তি উচণ কৰিব বিচাৰিছে।যোৱা প্ৰায় দুটা বছৰ ধৰি চলি থকা লকডাউনৰ বাবে নদীবান্ধ বিৰোধী আন্দোলন স্তিমিত হোৱাৰ সুযোগ গ্ৰহণ কৰি চৰকাৰৰ সহযোগত এনএইচপিচি য়ে সকলো পূৰ্ব চৰ্ত ভংগ কৰি অতি গোপনে বান্ধ নিৰ্মাণৰ কাম কৰিছে।

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আৰম্ভণিৰে পৰা ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বিৰোধীতা কৰিছে।সৰ্বাত্মক অৱৰোধ কাৰ্য্যসূচীৰ জৰিয়তে নদীবান্ধ বিৰোধী আন্দোলন পুনৰ শক্তিশালী ভাৱে আৰম্ভ কৰিছে  বুলিও পৰিষদৰ নেতৃত্বই কয়।

কেন্দ্ৰীয় চৰকাৰ, নদীবান্ধ বিৰোধী দল সংগঠন আৰু এনএইচপিচিৰ কৰ্তৃপক্ষৰ সৈতে যোৱা ২০১৪ চনৰ ১১ডিচেম্বৰত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকৰ চৰ্তসমূহ বাহাল ৰখা দাবী জনায় সংগঠনটোৱে ৷বৃহৎ নদীবান্ধ নিৰ্মান সন্দৰ্ভত চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ইমান বছৰ পিছতো ৰাজহুৱা কি কাৰণত চৰকাৰে কৰা নাই বুলিও প্ৰশ্ন কৰে।বিশেষজ্ঞ সমিতিয়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ চৰকাৰক দাবী জনায়।

B

Your Comments