'সপোন মাধুৰী দত্ত সোঁৱৰণী' মহিলাৰ অনলাইন বাগ্মিতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

A


নিউজ ডেস্ক:

       “নাৰী সাৰস্বত মঞ্চ”ৰ উদ্যোগত সদৌ অসম ভিত্তিত “সপোন মাধুৰী দত্ত সোঁৱৰণী” নামেৰে এখন বাগ্মিতা প্ৰতিযোগিতা কিছুদিন আগতে অনলাইন যোগে অনুষ্ঠিত হৈ যায়। গুৰুত্বপূৰ্ণ কথা এই যে বিশ বছৰৰ উৰ্ধৰ ছাত্ৰী আৰু মহিলাৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায়  ৯০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ।  
যোৱা ২১ ছেপ্টেম্বৰ মঙলবাৰে প্ৰয়াত সপোন মধুৰী দত্তৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি “নাৰী সাৰস্বত মঞ্চ”ৰ দ্বাৰা অনলাইন যোগে সম্পন্ন হোৱা সপোন মাধুৰী দত্তৰ স্মৃতিচাৰণ সভা সভাখনতে বিচাৰক মণ্ডলীয়ে শ্ৰেষ্ঠ  বিজয়ী প্ৰতিযোগী তিনিগৰাকীৰ নাম ঘোষণা কৰে ৷ অনলাইন যোগে সম্পন্ন হোৱা এই বাগ্মিতা প্ৰতিযোগিতাখনত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঋষিকন্যা বাৎসই  প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে  , দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে  আৰতি দাস আৰু  ৰূপৰেখা কলিতাই ।উল্লেখ্য যে পুৰস্কাৰৰ সমূহ ধন আগবঢ়াইছে  শিশু সাহিত্যিক , শিল্পী সপোন মাধুৰী দত্তৰ পৰিয়ালে ৷

Your Comments

Related Articles