চাকৰি স্থায়ীকৰণৰ দাবীৰে ২অক্টোবৰত আন্দোলন কলাক্ষেত্রৰ কৰ্মচাৰী সন্থাৰ

A

নিউজ ডেস্ক:
ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপিত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ঘাই খুঁটিত ঘূণে ধৰিছে।চৰকাৰ তথা কলাক্ষেত্র কৰ্তৃপক্ষৰ অৱহেলাত  বন্ধ হৈছে পুতলা নাচ আৰু প্ৰদৰ্শন, শিশু পুথিভঁৰাল, শব্দ-জ্যোতি, টেৰেকটা উদ্যোগৰ দৰে অভিলাসী প্ৰকল্পসমূহ।এই কথা সংবাদমেলত প্ৰকাশ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ কৰ্মচাৰী সন্থাৰ।অসমীয় জাতিৰ কৃষ্টি-সংস্কৃতিৰ অন্যতম স্থল কলাক্ষেত্র আজিও নিৰ্ভৰশীল অস্থায়ী কৰ্মচাৰীৰ ওপৰত।অসম চৰকাৰে গঠন কৰি দিয়া এচেচমেণ্ট কমিটিৰ প্ৰতিবেদন অনুসৰি অস্থায়ী কৰ্মচাৰীৰ চাকৰিৰ স্থায়ীকৰণ আজিও সম্পূৰ্ন নহল।২০১৮ বৰ্ষত ৪০জন কৰ্মচাৰী স্থায়ী কৰণ হ’ল কিন্তু পূৰ্বৰ কৰ্মচাৰী দৰে গ্ৰেচুইটি আৰু এল.আই.চিৰ পেঞ্চন প্ৰদান কৰা নহল।একেদৰে দ্বিতীয় আৰু তৃতীয়শ্ৰেণীৰ ৩৮জন কৰ্মচাৰীৰ চাকৰি স্থায়ীকৰণ ২০২০ বৰ্ষতে সম্পূণ হ'ব লাগিছিল কিন্তু হৈ নুঠিল।-এই কথা গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলযোগে অৱগত কৰে সন্থা সম্পাদক কবিন্দ্ৰ দাসে।প্ৰতিবেদন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰি কৰ্মচাৰীক নিযুক্তি প্ৰদানৰ লগতে সকলো সা-সুবিধা প্ৰদান কৰিব লাগে।উল্লেখ্য যে বৰ্তমান মুঠ ৯৪গৰাকী কৰ্মচাৰী আছে।

কলাক্ষেত্রৰ ভূমি কোনো অনুষ্ঠান প্ৰতিষ্ঠানক স্থায়ী অথবা অস্থায়ীৰূপে আৱন্টন দিয়াৰো বিৰোধিতা কৰে সন্থাই।পূৰ্বতে অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় নিৰ্মাণৰ বাবে কলাক্ষেত্রৰ ভূমি প্ৰদান কৰিছিল।

কলাক্ষেত্রৰ আধৰুৱা নিৰ্মীয়মান প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ  কৰিব লাগে।কাৰণ শংকৰদেৱ কলাক্ষেত্রত সমাজ সম্প্রতি এক চহকী পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে- সাধাৰণ সম্পাদক গৰাকীয়ে কয়।

আনহাতে, কৰ্মচাৰীৰ দাবী চৰকাৰ তথা কলাক্ষেত্র কৰ্তৃপক্ষই গুৰুত্ব নিদিলে ২অক্টোবৰৰ পৰা কলাক্ষেত্রৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব কৰ্মচাৰীসকলে- এই কথা সংবাদমেলত ঘোষণা কৰে সন্থাৰ সভাপতি নীলকান্ত ৰংহাঙে ৷

Your Comments