দৰমহা বৃদ্ধিৰ লগতে বহুকেইটা দাবীৰে সদৌ অসম গাঁওপ্ৰধান সন্থাৰ সংবাদমেল

A

নিউজ ডেস্ক:

অসম চৰকাৰে গাঁও প্ৰধান সকলৰ দায়িত্ব, কৰ্তব্য, সেৱাৰ পদ মৰ্যদাৰ লগত খাপ খোৱাকৈ নতুন ৰূপত সজাই তুলিবলৈ লোৱা প্রয়াসক আদৰণি জনায় সদৌ অসম গাঁও প্ৰধান সন্থাই।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি চৰকাৰলৈ আহ্বান জনাই কয়- গাঁওপ্ৰধানৰ দৰমহা ৯০০০ টকাৰ পৰা মেট্ৰিক উত্তীৰ্ণৰ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী নিৰিখত মতে ধাৰ্য কৰিব লাগেনতুন নিয়ম মতে  ৬৫ বছৰত অৱসৰ লব লগা গাঁও প্ৰধানৰ জীৱনৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিব লাগে।উল্লেখ প্ৰায় ৰাজ্যত ৬৫বছৰ ঊৰ্ধ গাওঁপ্ৰধানৰ সংখ্যা ১৫০০জন।সংবাদমেলত এই কথা প্ৰকাশ সন্থাৰ কাৰ্যকৰী সভাপতি ঘনশ্যাম তালুকদাৰে।ৰাজ্যত প্ৰায় ৬২১৬জন গাওঁপ্ৰধান আছে।সেই মৰ্মে প্ৰতি ৰাজহ গাঁৱত  একোটাকৈ গাওঁপ্ৰধানৰ কাৰ্যালয় স্থাপনৰ দাবী জনায় চৰকাৰক।

আনহাতে, ৰাজ্যৰ প্ৰত্যেক জিলাৰ, স্বায়ত্ব পৰিষদ অঞ্চলত গাওঁপ্ৰধান প্ৰথা প্ৰচলন কৰিব লাগে।বৰ্তমান ধুবুৰীৰ, বঙাইগাওঁ, গোৱালপাৰা, কাৰ্বি আংলং, বৰাক উপত্যকাত গাওঁপ্ৰধানৰ ব্যৱস্থা নাই ।

সংবাদমেলত উপস্থিত থাকে সন্থাৰ সভাপতি ডম্বৰুধৰ দেউৰী, সম্পাদক সমৰেন্দু হাজৰিকা প্ৰমুখ্যে বহুকেইজন সদস্য।

Your Comments