অসম আৰক্ষীত অভিলেখ: একে ৰাতিতে গ্ৰেপ্তাৰ ৪৫৩টা ভু-মাফিয়া*

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ নতুন অভিলেখ।একে ৰাতিতে গ্ৰেপ্তাৰ ৪৫৩টাকৈ ভু-মাফিয়া।ৰাজ্যৰ ভিন্ন প্ৰান্তত একে সময়তে অভিযান চলাই সোমবাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৃত ভূ-মাফিয়াক।টুইটাৰযোগে এই কথা প্ৰকাশ কৰে  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙে।

গুৰুত্বপূৰ্ণ কথা এই যে গ্ৰেপ্তাৰ হোৱা ভু-মাফিয়াৰ ভিতৰত আছে বহুকেইটা বিজেপি নেতাৰ উপৰিও সম্ভ্ৰান্ত পৰিয়ালৰ বহু কেইটা ভু-মাফিয়া।

চৰকাৰৰ হাতত ৭০০দালালৰ নাম আছে।মঙলবাৰে নিশাৰ ভিতৰতে বাকীসকল গ্ৰেপ্তাৰৰ বাবে চেষ্টা কৰা হ’ব- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়।দালালক কোনো পইচা নিদিবৰ বাবে জনসাধাৰণক আহ্বান কৰি লগতে তেওঁ কয়- অসমত দালাল ৰাজ শেষ হ'ব লাগিব।দালাল-মধ্য ভুগিক কাৰ্যালয়ত স্থান নিদিবলৈ আহ্বান বিষয়া-কৰ্মচাৰীক।'কাম দুদিন দেৰি হ’ব কিন্তু টকা পইচা নিদিব ৰাইজক কয়'।আৰক্ষী থানা, পৰিবহন বিষয়া কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয়ত দালালৰাজ  থাকিব নোৱাৰিব-কঠোৰ সতৰ্কবাণী শৰ্মাৰ।

Your Comments