ক্ৰমাৎ সুস্থ হৈ উঠিছে জনপ্ৰিয় তাৰকা পেলে

A

নিউজ ডেস্ক:

অসুস্থতাৰ পিছত  ক্রমশ সুস্থ হৈ উঠিছে পেলে। ব্রাজিলৰ  প্রাক্তন ফুটবলাৰ গৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি কয় যে  , "এতিয়া আগতকৈ  ভাল পাইছোঁ আৰু  লাহে লাহে  সুস্থ হৈ  উঠিছো" । সম্প্রতি তেখেতৰ  শাৰীৰিক অৱস্থাকলৈ যথেষ্ট চিন্তিত হৈ পৰিছিল  বিশ্বৰ  ফুটবলপ্ৰেমীসকল । সাম্প্রতিক পোষ্টে এই চিন্তা   দুৰ কৰিছে ফুটবলপ্রেমীসকলৰ ।

ইনষ্টাগ্ৰামত পেলে মত প্ৰকাশ কৰি  কয় যে , ‘মন ভালে থকাই আচল ঔষধ আৰু সেইটোৱে মোক  যথেষ্ট সহায় কৰিছে ।  বৰ্তমান মই বহুত সুস্হ । প্রত্যেককে ধন্যবাদ’। 

উল্লেখযোগ্য যে স্বাস্হ্যৰ  অবনতি হোৱাৰ বাবে  শুক্রবাৰে ততাতৈয়াকৈ পেলেক ছাও পাওলোৰ এলবার্ট আইনস্টাইন হস্পিতালত ভর্তি কৰোৱা হৈছিল। শ্বাসপ্ৰশ্বাস জনিত সমস্যাৰ বাবে এই মাহৰ আৰম্ভনিতে  একেখন হস্পিতালতেই পেলেৰ অস্ত্রোপচাৰ  কৰোৱা হৈছিল।

Your Comments