কেতিয়া হ'ব আলফা-চৰকাৰৰ আলোচনা!মুখ্যমন্ত্ৰীক বিশেষ কৰ্তৃত্ব গৃহমন্ত্ৰণালয়ৰ, পঢ়ক

A

নিউজ ডেস্ক:

সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)ৰে শান্তি আলোচনাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিছে বিশেষ কৰ্তৃত্ব ৷ শান্তি আলোচনাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ দায়িত্ব অৰ্পণ কৰিছে।দেওবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে আলফা-চৰকাৰে শান্তি আলোচনা বিষয়ক লৈ চৰ্চা চলি থকাৰ মাজতে গৃহমন্ত্ৰীৰ বিশেষ দায়িত্ব অৰ্পনেৰে বহন কৰিছে বিশেষ তাৎপৰ্য।

গুৰুত্বপূৰ্ণ কথা এই যে  নৱগঠিত ৰাজ্য চৰকাৰ খনৰ সন্দৰ্ভত আলফা(স্বাৰ)  পৰাও কিছু সঁহাৰি থকা পৰিলক্ষিত হৈছে ।

Your Comments