তালিবানে নিষিদ্ধ কৰিলে আইপিএল -২০২১ৰ সম্প্ৰচাৰণ

A

 

নিউজ ডেস্ক:
আফগানিস্তানত সম্পূৰ্ণ দখল সাব্যস্ত কৰাৰ পিছতেই তালিবানে দেশখনত নিতৌ ন ন নীতি ঘোষণা কৰি আহিছে ৷জানিব পৰা মতে এইবাৰ তালিবানে দেশখনত আইপিএলৰ সম্প্ৰচাৰ বন্ধ কৰি দিছে ৷
গুৰুত্বপূৰ্ণ কথা এই যে আইপিএলত চিয়েৰছ লিডাৰৰ নৃত্য আৰু চুটি কাপোৰ পিন্ধা মহিলাই খেল উপভোগ কৰা আদি ইছলাম বিৰোধী বিষয় বুলি অভিহিত কৰি তালিবানে আইপিএলৰ সম্প্ৰচাৰণ বন্ধ কৰি দিয়ে ৷তালিবানে লগতে কয় যে “ দেশৰ কোনো মহিলাই ক্ৰীড়াত অংশগ্ৰহণ কৰিব নোৱাৰিব , কাৰণ ক্ৰীড়াৰ জৰিয়তে মহিলাৰ দেহ প্ৰদৰ্শন কৰা হয় ” ৷

Your Comments