বিশ্ব গঁড় দিৱসত ৰাজ্যৰ বন বিভাগে একেলগে জ্বলাব মূল্যবান ২৪৭৯টা গঁড়ৰ খৰ্গ

A

নিউজ ডেস্ক: 

হিমন্ত কেবিনেটৰ অনুমোদনৰ পাছতে গঁড়ৰ খৰ্গ জ্বলাবলৈ সাজু ৰাজ্যৰ বনবিভাগ।২২ ছেপ্টেম্বৰত বোকাখাট ৰাজহুৱা খেলপথাৰত মুকলিকৈ একেলগে জ্বলাব ২৪৭৯ টা গঁড়ৰ খৰ্গ।ৰাজ্যখনৰ কোষাগাৰ সমূহত জমা হৈ আছে জ্বলাব লগা গঁড়ৰ খৰ্গসমূহ।

উল্লেখ্য যে  খৰ্গসমূহ দাহনৰ বাবে খেলপথাৰখনত ৬টাকৈ ইন্ধন চালিত চৌকা স্থাপন কৰা হৈছে।বন বিভাগৰ তথ্য অনুসৰি ৯৪টা খৰ্গ সংৰক্ষণৰ বাবে ৰখাৰ বিপৰীতে ৫০টা খৰ্গৰ গোচৰ চলি থকা বাবে ৰখা হ’ব।ৰাজ্যত মুঠ ২,৬২৩টাকৈ গঁড়ৰ খৰ্গ বৰ্তমান জমা আছে।

বুধবাৰে বোকাখাত ৰাজহুৱা খেল পথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ৰ ৩৯অনুচ্ছেদৰ অধীনত দাহ কৰিব খৰ্গসমূহ।

ইফালে দাহনৰ বাবে সাজু কৰি তোলা হৈছে খেলপথাৰখন।দিল্লীৰ পৰা দাহন সংযোগ কৰা বাবে লৈ অহা হৈছে বিশেষ ড্ৰোণ।

Your Comments