ঢেঁকীয়াজুলিৰ লোমহৰ্ষক জিলি -কৰবী হত্যাকাণ্ডৰ ৭মাহে গ্ৰেপ্তাৰ নহ’ল দোষী: ৰাভা ছাত্ৰ সন্থা ক্ষোভ

A

নিউজ ডেস্ক:


ৰাজ্য কঁপাই তোলা ঢেঁকীয়াজুলি চপাই বালিগাঁও মাতৃ-কন্যা জিলি ৰাভা, কৰবী ৰাভাৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ।লোমহৰ্ষক ধৰ্ষণৰ পাছত হত্যাকৰা বিগত ৭ মাহ হৈ যোৱাৰ পাছতো ঘটনাৰে জড়িত কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালে হত্যাকাৰীক ৰক্ষনাবেক্ষণ দিয়াৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ।সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সংবাদমেলত সমাজকর্মী ৰাজু দেউৰীয়ে কয়- জনগোষ্ঠীয় হোৱা বাবে গা-এৰা দিছে চৰকাৰে। কোনো শৰ্মা বা অন্য উপাধি লোক হোৱা  হলে বিষয়টো গুৰুত্বভাৱে ললে হয় ।জনগোষ্ঠীয় হোৱা বাবে নেগলেক্ট কৰিছে।

উল্লেখ্য যে ২০ ফেব্ৰুৱাৰীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ সময়ত ঘটনাস্থলীত শোণিতপুৰৰ এছপি আৰু উপায়ুক্ত কোনো উপস্থিত হোৱা নাছিল বুলি দেউৰীয়ে কয়।গুৰুত্বপূৰ্ণ কথা এই যে উক্ত সময়ত জিলা খনত উপায়ুক্ত আছিল মানবেন্দ্ৰ প্ৰতাপ সিং, এছপি ধ্ৰুৱজ্যোতি মহন্ত।

আনহাতে, Scheduled Cast and Scheduled tribes(Prevention of Atrocity) Act-1989 অনুসৰি ঘটনাৰ তদন্তৰ ধাৰা সংযোজন নকৰাৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰা নাই প্ৰাপ্য সাহায্য।এই আইন অনুসৰি ক্ষতিগ্ৰস্ত পৰিয়াল টোৱে লাভ কৰে সাহায্য।

ইয়াৰ উপৰিও উক্ত আইনখনৰ অধীনত ঘটনাৰ দুমাহৰ ভিতৰত দিব লাগে অভিযোগনামা কিন্তু অভিযুক্ত তথা দোষী বৰ্তমালৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰাতো অসম আৰক্ষী তথা চৰকাৰৰ বাবে লজ্জাজনক - দেউৰীয়ে কয়।

ইফালে চৰকাৰক ঘটনাৰে জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি  দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনায়।

তাৎপৰ্যপূৰ্ণ কথা  এই যে দুষ্কৃতিকাৰীয়ে মাতৃ  কন্যাক হত্যা কৰাৰ উপৰিও তিনি বছৰীয়া কন্যাক বেয়াকৈ আঘাত প্ৰাপ্ত কৰিছিল।

Your Comments