যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ জাতীয় শ্ৰমিক শক্তি:শ্ৰমিক,চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী

A

নিউজ ডেস্ক:

ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ লগতে কয়লা খনিকে ধৰি অন্যান্য খণ্ডত নিয়োজিত শ্ৰমিকৰ সমস্যাৰ সমাধানৰ দাবীত সোমবাৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক শক্তিয়ে দিল্লীৰ যন্তৰ মন্তৰত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ।নেশ্যনেল ফ্ৰন্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ সৈতে যৌথভাৱে ৰূপায়ন কৰা কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন চাহ বাগান অঞ্চলৰ শতাধিক জাতীয় সেৱকে অংশগ্ৰহণ কৰে৷ 

জাতীয় শ্ৰমিক শক্তিৰ সভাপতি ইজৰাইল নন্দৰ নেতৃত্বত যোৱা প্ৰতিবাদীসকলে ‘চাহ উদ্যোগ বচাওক, শ্ৰমিক বচাওক’, ‘কয়লা খনি লীজত দিয়া বন্ধ কৰক’, ‘কয়লা শ্ৰমিকৰ গ্ৰেচুইটিৰ ধন মোকলাই দিয়ক’, ‘কাছাৰ আৰু জাগীৰোড কাগজ কল পুনৰ আৰম্ভ কৰক’, ‘চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ বন্ধ কৰক’, ‘চাহৰ আমদানি নিষিদ্ধ কৰি ৰপ্তানিত জোৰ দিয়ক’, ‘চাহ শ্ৰমিকৰ মজুৰী কমেও ৩৫১ টকালৈ বৃদ্ধি কৰক’, ‘নামৰূপ সাৰ কাৰখানাৰ  চতুৰ্থ গোট শীঘ্ৰে নিৰ্মাণ কৰক’ আদি দাবীৰে শ্লোগান দিয়ে৷ 

দিল্লীত ৰূপায়িত ধৰ্ণা কাৰ্যসূচীৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়-চাহ জনগোষ্ঠীকে ধৰি অন্য খণ্ডৰ শ্ৰমিকসকল সদায় চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈ আহিছে৷নিজৰ দেহবল ক্ষয় কৰি দেশ মাতৃৰ প্ৰতি সেৱা আগবঢ়াই অহা শ্ৰমিকসকলৰ সমাজৰ প্ৰতি অৱদান কৰ্পোৰেট গোষ্ঠীসমূহতকৈ কোনো গুণে কম নহয়৷ অথচ চৰকাৰে কৰ্পোৰেট গোষ্ঠীসমূহৰ স্বাৰ্থ সিদ্ধিক সদায় আগস্থান দি আহিছে, কিন্তু শ্ৰমিক শ্ৰেণীটোৰ ন্যায্য প্ৰাপ্যখিনি দিয়াৰ ক্ষেত্ৰতো হুঁহকা-পিচলা নীতি গ্ৰহণ কৰিছে।এনে প্ৰেক্ষাপটত শ্ৰমিক শ্ৰেণীৰ দাবী চৰকাৰৰ ওচৰত উপস্থাপনৰ ক্ষেত্ৰত জাতীয় পৰিষদ শ্ৰমিক সংগঠনসমূহৰ সৈতে সদায় থাকিব।B

Your Comments