২৪ছেপ্টেম্বৰত আঁচনিভুক্ত কৰ্মচাৰীৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন ৰাজ্যৰ অঙ্গনবাড়ী কৰ্মী- সহায়িকা ,মধ্যাহ্ন ভোজন আৰু আশা কর্মীৰ

A

নিউজ ডেস্ক:

দেশৰ আঁচনিভুক্ত কৰ্মচাৰীৰ ধৰ্মঘট লৈ পূৰ্ণ সমৰ্থন অসম অঙ্গনবাড়ী কর্মী-সহায়িকা সন্থা,সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু ৰাজ্যিক আশা ইউনিয়নৰ।২৪ছেপ্টেম্বৰত অসমত তিনিওটা ইউনিয়নে ৰূপায়ন কৰিব ধৰ্মঘট।সোমবাৰে যৌথ সংবাদমেলত এই কথা ঘোষণা কৰে ইউনিয়ন কেইটাৰ নেতৃত্বই।
 
ৰাজ্যত মুঠ আঁচনিভুক্ত কৰ্মচাৰী ২লাখ ৭৩ হাজাৰ। অঙ্গবাড়ীত ১ লাখ ২১ হাজাৰ, মধ্যাহ্ন ভোজনত ১লাখ ১৯ হাজাৰ আৰু ৩৩ হাজাৰ আশা কর্মী আছে।কিন্তু কৰ্মচাৰীৰ নাই সামাজিক তথা অৰ্থনৈতিক সুৰক্ষা- গুৱাহাটী প্ৰেছ ক্লাৱত কয় ইউনিয়নৰ তিনিটা নেতৃত্বই।কৰ্মচাৰী  সকলক মাননি দিয়াৰ বিপৰীতে দৰমহা প্ৰদান কৰিব লাগে।লগতে পেঞ্চন আৰু সামাজিক সুৰক্ষাৰ প্ৰদানৰ দাবীত সাব্যস্ত কৰিব এই ধৰ্মঘট। 

সংবাদমেলখনত আশা ইউনিয়নৰ সভানেত্ৰী টুটুমণি লাহনে কয়- ৰাষ্ট্রীয় স্বাস্থ্য মিছনে স্বেচ্ছাসেৱীকা হিচাপে প্ৰথমে তিনিটা কামৰ বাবে নিয়োগ কৰিছিল কিন্তু বৰ্তমান আমি ৭২টা কাম সম্পাদন কৰিব লাগে।ক'ৰনা কালত আশাকর্মীয়ে নিজৰ জীৱন তুচ্ছ কৰি দায়িত্ব পালন কৰিলে।কিন্তু প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰিছে।৩হাজাৰ টকাত এখন ঘৰ চলাটো কিদৰে সম্ভৱ।ক'ৰনাৰ সময়ত কৰ্তন কৰি ৰখা ১হাজাৰ টকা বৰ্তমানো ১৩ খন জিলাৰ আশাকর্মীয়ে পোৱা নাই।

আনহাতে, মধ্যাহ্ন ভোজন কৰ্মী একহাজাৰ টকা মাহিলী মাননি চলিত বৰ্ষৰ মেৰ পৰা প্ৰদান কৰা নাই।ক'ৰনাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন কর্মীসকলে স্কুলত গৈ বিতৰণ কৰিছে- সংবাদমেলত এইদৰে কয় ইউনিয়নৰ সম্পাদিকা কনকলতা দাসে।

উল্লেখ্য যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষামন্ত্ৰী হৈ থকা সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীক ৰাজ্য চৰকাৰে প্ৰদান কৰা ৫০০টকা চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বন্ধ থকা বুলিও তেওঁ কয়।


মোডীৰ অচ্ছে দিনৰ সপোন ধোঁৱলী -কুঁৱলী দেখিছোঁ।অঙ্গনবাড়ী কর্মী -সহায়িকা সন্থা সভানেত্ৰী জয়মতী দাসে চৰকাৰক সকীয়নী জনাই কয়-সমাজ কল্যাণ বিভাগে প্ৰদান কৰা মোবাইল মুহূৰ্ততে বেয়া হয়।অঙ্গনৱাদী কাৰ্যালয় মেৰামতিৰ তথা বেৰা কৰ্মীক নিজৰ টকাৰে দিবলৈ কোৱা হৈছে।

ইফালে, ক’ভিডত মৃত্যু হোৱা আশা কৰ্মী জীৱনবীমা পঞ্চাশ লাখ দিয়াৰ প্ৰতিশ্ৰুতি পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷১০-১৫ গৰাকী আশা কৰ্মী, ৬গৰাকী অঙ্গনবাৰী কৰ্মীৰ আজি মৃত্যু হ’ল কিন্তু জীৱনবীমাৰ কোনো ধন নিদিলে- অভিযোগ আশা কর্মীসকলৰ।

Your Comments