ক'ৰনা আক্রান্ত এএমচিএইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি ক্ৰমাৎ সুস্থ

A

নিউজ ডেস্ক:

ক'ৰনাত আক্রান্ত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ স্বাস্থ্য ক্ৰমাৎ সুস্থ।টুইটৰ জৰিয়তে সদৰী কৰিলে গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ৰ কৰ্তৃপক্ষই।অক্সিজেনৰ পৰিমাণ ৯৫-৯৬ শতাংশ হোৱা বুলিও কয় অধীক্ষক অভিজিৎ শৰ্মাই।সুস্থ হৈ উঠা অধ্যক্ষ গৰাকীয়ে জুলীয়া আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷

আনহাতে, সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা চিকিৎসক গৰাকীৰ শৰীৰত ক্ৰিয়া কৰিছে ঔষধে।
অধ্যক্ষ কাকতিৰ ৰক্তচাপো ক্ৰমাৎ নিয়মীয়া হৈছে৷পূৰ্বতকৈ আৰাম লাভ কৰিছে অধ্যক্ষ গৰাকীয়ে।

উল্লেখ্য যে  দুদিন পূৰ্বে ডিব্ৰুগড়ৰ পৰা এয়াৰ এম্বুলেন্সৰ জৰিয়তে গ্ৰীণ কৰিডৰেৰে অনা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।

Your Comments