বিবাহ বাৰ্ষিকী পালনৰ বাবে বাংগালুৰুলৈ যোৱা জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসান

A

নিউজ ডেস্ক:


অসমবাসীৰ বাবে দুখবৰ।জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসান।হৃদৰোগত আক্রান্ত হৈ শেষনিশ্বাস ত্যাগ  কৰে অধিবক্তা গৰাকীয়ে ।উল্লেখ্য যে ৪৬সংখ্যক বিবাহ বাৰ্ষিকী পালনৰ বাবে পৰিয়ালৰ সৈতে বাংগালুৰুলৈ যোৱা দত্তই শনিবাৰে নিশা ২.৩০ বজাত শেষনিশ্বাস ত্যাগ কৰে।

শনিবাৰে দিনৰ ভাগত পৰিয়ালৰ সৈতে ৪৬সংখ্যক বিবাহ বাৰ্ষিকী পালন কৰিছিল।সমগ্ৰ অনুষ্ঠানৰ ফটো টুইটাৰত চেয়াৰ কৰিছিল অধিবক্তা গৰাকীয়ে।পত্নীৰ সৈতে একেলগে কেক কাটিছিল দত্তই।টুইটাৰত লিখিছিল '৫২বছৰীয়া প্ৰেম, ৪৬বছৰীয়া বিবাহ বাৰ্ষিকী'।

মৃত্যুৰ সময়ত এই সংসাৰত তেওঁ এৰি থৈ যায় পত্নী আৰু দুই পুত্ৰ-কন্যা।B

Your Comments