লাভলীনাৰ অলিম্পিক বিজয়ী গ্লোভছযোৰৰ নিলামৰ দৰ উঠিছে ১.৯ কোটি টকা

A

নিউজ ডেস্ক: 

অলিম্পিক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইৰ বক্সিঙৰ গ্লোভচযোৰৰ নিলামৰ বাবে মুকলি।প্ৰথম দিনটোত অলিম্পিক জয়ী গ্লোভযোৰৰ দাম উঠিল ১.৯কোটি টকা।উল্লেখ্য  যে অলিম্পিক জয়ৰ পাছতে বিশেষ গ্লোভযোৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰৰূপে দিছিল অসম কন্যা গৰাকীয়ে।

দেশৰ সাংস্কৃতিক মন্ত্ৰণালয়ে মোডীৰ উপহাৰ স্মৰণিকাসমূহ ই-নিলামৰ ব্যৱস্থা কৰিছে।প্ৰধানমন্ত্ৰী গৰাকীৰ ৭১ জন্মদিনৰ সৈতে সংগতি ৰাখি অহা ৭অক্টোবৰলৈ নিলামৰ দিন নিৰ্ধাৰণ কৰিছে।

আনহাতে, নিলামৰ দ্বিতীয় স্থানত আছে নীৰজ চোপ্ৰাৰ সোণৰ পদক জয়ী হোৱা জেভলিন।মূল্য হৈছে ১.৫৫ কোটি টকা।

Your Comments