চিকিৎসকক অপমান কৰা আঙুৰলতা ডেকা হ'ব পাৰে গ্ৰেপ্তাৰ! এজাহাৰ দাখিল

A

নিউজ ডেস্ক :

ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ।শিলচৰ থানাত প্ৰাক্তন বিধায়িকা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দন্ত চিকিৎসক সন্থাৰ।উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে দন্ত চিকিৎসকৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ডেকাৰ।মহিলা মৰ্চাৰ দলীয়সভাত অভিনেত্ৰীৰূপে নাৰী নিৰ্যাতন ব্যাখ্যাত চিকিৎসকে বিশেষকৈ ১২-১৩বছৰীয়া কন্যাক দন্ত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰা সময়ত নিৰ্যাতন কৰাৰ অভিযোগ, অপমানজনক মম্তৱ্য কৰিছিল।প্ৰাক্তন বিধায়িকা গৰাকীয়ে দন্ত চিকিৎসক সমাজক উল্লেখ কৰি অপমানজনক ব্যাখ্যা কৰাৰ পাছতেই শনিবাৰে ভাৰতীয় দন্ত চিকিৎসক সন্থাৰ শিলচৰ শাখাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে দাখিল কৰে এজাহাৰ।

উল্লেখ্য  যে বটদ্ৰৱাৰ প্ৰাক্তন বিজেপি বিধায়িকা গৰাকীৰ মন্তব্যৰ বিৰুদ্ধে ইতিমধ্যে সামাজিক মাধ্যমত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চিকিৎসকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।B

Your Comments