মোডী কেবিনেটৰ সদ্য প্ৰাক্তন মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ তৃণমূল কংগ্ৰেছত যোগদান

A

নিউজ ডেস্ক :

ভাৰতীয় জনতা পাৰ্টীত মোক্ষম আঘাত,সদ্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্রিয়ৰ তৃণমূল কংগ্ৰেছত যোগদান।শনিবাৰে আনুষ্ঠানিক ভাৱে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰে মোডী মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে চলিত বৰ্ষত মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত বাবুল সুপ্ৰিয়ৰ নাম কৰ্তন হৈছিল।তাৰ পৰৱৰ্তী সময়ত ৩১জুলাইত সামাজিক মাধ্যমত ৰাজনীতিৰ পৰা আঁতৰি থাকিব বুলি ঘোষণা কৰিছিল বিজেপি নেতা গৰাকীয়ে।

নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ পৰিৱেশ মন্ত্ৰী আছিল সুপ্ৰিয়।আনহাতে নেতা গৰাকীৰ যোগদান সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব কুনাল ঘোষে কয়-' বহুকেইজন বিজেপি নেতাৰ যোগাযোগ অব্যাহত আছে তৃণমূল কংগ্ৰেছৰ সৈতে।বিজেপিত তেওঁলোক সুখী নহয়।দেওবাৰে অন্য এগৰাকী বিজেপি নেতাই যোগদান কৰিব'।

উল্লেখ্য যে তৃণমূল কংগ্ৰেছত যোগদান কৰি সুখী হোৱা বুলি উল্লেখ কৰে সুপ্ৰিয়ই।সোমবাৰে দলৰ নেতৃত্ব তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ কথা।

গুৰুত্বপূৰ্ণ কথা এই যে বিধায়কসভা নির্বাচনৰ পাছত তৃণমূল কংগ্ৰেছত যোগদান কৰা সুপ্ৰিয় পঞ্চম গৰাকী বিজেপি নেতা।

Your Comments