উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, পঢ়ি জানি লওঁক

A

নিউজ ডেস্ক:

উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ সময়সূচী প্ৰকাশ।পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে এই জাননী।উল্লেখ্য যে চলিত বৰ্ষৰ বিশেষ মূল্যাংকন পদ্ধতিৰে ঘোষিত ফলাফলত যিসকল সুখী নাছিল অথবা পৰীক্ষাত অনুতীৰ্ণৰ’ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

সংসদৰ ঘোষিত পৰীক্ষাসূচীৰ অনুসৰি ১১অক্টোবৰত পৰীক্ষা শেষ হ’ব।যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিশেষ পৰীক্ষাৰ বাবে ইতিমধ্যে আৱেদন কৰিছে তেওঁলোকেহে অৱতীৰ্ণ  হ’ব পাৰিব পৰীক্ষাত।B

Your Comments