গুৱাহাটীৰ লাচিত ঘাটত ৫খন জাহাজৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ : দুখন উদ্ধাৰকাৰী জাহাজ

A

নিউজ ডেস্ক:


বিশ্বকৰ্মা পূজাৰ শুভক্ষণত গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীবাসীলৈ জল পৰিবহণ বিভাগৰ উপহাৰ।পাঁচখন  অত্যাধুনিক জাহাজৰ ফ্লেগ অফ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।মহানগৰীৰ মাছখোৱাস্থিত লাচিত ঘাটত ফ্লেগ অফ কৰা পাঁচখন জাহাজৰ ভিতৰত আছে ২ খন উদ্ধাৰকাৰী আৰু ৩খন যাত্ৰীবাহী।

এম ভি লোহিত, এম ভি সোনাই, এম ভি প্ৰতিমা, এছডিবি বিশাল আৰু এছডিবি ভিক্ৰান্তৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ।উল্লেখ্য যে উদ্ধাৰকাৰী জাহাজ ১খন মাজুলী-নিমাতীৰ মাজত চলাচল কৰাৰ বিপৰীতে ১খন যাত্ৰীবাহী গুৱাহাটী-কুৰুৱাৰ  মাজত চলাচল কৰিব।বাকী ৩খন জাহাজ ধুবুৰীলৈ প্ৰেৰণ কৰা হ’ব।

ধাৰ্মিক ৰীতি-নীতিৰে পূজা কৰি মুকলি কৰে জাহাজ পাঁচখন।শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাস।B

Your Comments