জে বি আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰণৱ কুমাৰ গোস্বামীলৈ " ডাটা ছাইন্টিষ্ট" উপাধি প্ৰদান , সবিশেষ পঢ়ক

A

B

নিউজ ডেস্ক:
গুৱাহাটীৰ যুৱ অধ্যাপক প্ৰণৱ কুমাৰ গোস্বামীয়ে ইণ্টাৰনেচনেল বিজনেছ মেচিন ( আই বি এম ) প্ৰতিষ্ঠান আৰু মাইক্ৰচ’ফটৰ সহযোগী নেটৱৰ্ক প্ৰতিষ্ঠান ইন্টেলিপাটৰ 'মাষ্টাৰ্চ ইন ডাটা ছাইন্স আৰ্কিটেক্ট' ডিগ্ৰী লাভ  কৰিবলৈ সক্ষম হয়। শ্ৰী গোস্বামীয়ে ৮৯শতাংশ নম্বৰ লাভেৰে ডিজিটেল বেজ আৰু ডিজিটেল চাৰ্টিফিকেট সহ এই “দাতা ছাইন্টিষ্ট” উপাধি লাভ  কৰে। উল্লেখযোগ্য যে শ্ৰী গোস্বামী বৰ্তমানে গুৱাহাটী মহানগৰীৰ জে বি আইন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত।গুৰুত্বপূৰ্ণ কথা এই যে গোটেই পাঠ্যক্ৰমটো আই.বি.এম ক্লাউডৰ মাধ্যমেৰে ভাৰ্চুৱেল লাইভ ক্লাছৰ দ্বাৰা সমাপন কৰা হৈছিল । ইয়াৰ সমান্তৰালভাৱে যোৱা ৯ জুলাই তাৰিখে বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান মাইক্ৰছফটৰ অধীনত এটি বিশেষ প্ৰশিক্ষণ পাঠ্যক্ৰম সফলভাৱে সম্পূৰ্ণ কৰাৰ বাবেও গোস্বামীলৈ 'চাইবাৰ ছিকিউৰিটি প্ৰফেচনেল আৰু এথিকেল হেকাৰ ' সন্মানো প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে গোস্বামীয়ে ইতিমধ্যেই চাইবাৰ ক্ৰাইম আৰু চাইবাৰ চিকিউৰিটিৰ ওপৰত গৱেষণা কৰি দেশৰ গৌৰৱ "ৰিচাৰ্ছ এক্সিলেনচ্ এৱাৰ্ড,২০২০" সন্মান লাভ কৰিছে৷
ভৰলুমুখৰ বাসিন্দা প্ৰণৱ কুমাৰ গোস্বামীয়ে এম. টেক.আই.টি , এম.বি.এ, এম .ফিল ,চাইবাৰ ল’ আদি ডিগ্ৰীধাৰী হোৱাৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ,ছেমিনাৰ , ৱেবইনাৰ ,কনফাৰেন্স আদিৰ পৰাও সময়ে সময়ে বিভিন্ন স্বীকৃতি লাভ কৰি আহিছে।
উল্লেখযোগ্য যে গোস্বামীয়ে ২০০৩ চনত মণিপাল ইউনিভাৰ্চিটি, কৰ্ণাটকৰ পৰা স্নাতক পাঠ্যক্ৰম কৰাৰ লগতে মাষ্টাৰ্চ অৱ আই টিত প্ৰথম শ্ৰেণীৰ প্ৰথম স্হান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ প্ৰচুৰ অধ্যয়নশীল শ্ৰী গোস্বামীয়ে এই সমূহৰ উপৰিও মাইক্ৰছফটৰ দ্বাৰা কিছু বছৰ পূৰ্বে আয়োজিত 'আই টি ৱৰ্ল্ড চেম্পিয়নচিপ এৱাৰ্ড কম্পিটিছন'ত অসমৰ পৰা বিজয়ীৰ সন্মান লাভ কৰাৰ লগতে 'LIMCA BOOK OF WORLD RECORDS' ত নিজৰ নাম সন্নিৱিষ্ট কৰি ৰাখিবলৈ সক্ষম  হৈছে ৷গৱেষক তথা ডাটা ছাইনটিষ্ট প্ৰণৱ কুমাৰ গোস্বামী ভৰলুমুখ নিবাসী প্ৰয়াত ভুৱন  মোহন গোস্বামী আৰু শ্ৰীমতী মনোমতী গোস্বামীৰ সুযোগ্য সন্তান ৷C

Your Comments