পৰেশ বৰুৱাসহ ৫আলফাৰ বিৰুদ্ধে জু-ৰোড গ্ৰেণেড বিস্ফোৰণৰ অভিযোগনামা দাখিল নিয়াৰ

A

নিউজ ডেস্ক:

মহানগৰীৰ জু-ৰোডস্থিত গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত সংঘটিত গ্ৰেনেড  বিস্ফোৰণৰ অভিযোগনামা দাখিল ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থাৰ, নিয়াই ২০১৯ চনৰ ২৯ জুনত সংঘটিত বিস্ফোৰণৰ চার্জছিট দাখিল কৰে আদালতত।চানমাৰি নিয়া বিশেষ আদালতত ৬ জন আলফা(স্বা) সদস্যৰ বিৰুদ্ধে চার্জছিট দাখিল কৰিছে নিয়াই ৷অভিযোগনামাত পাপু কোঁচ বকলিয়া, অমৃত বল্লভ গোস্বামী, অৰুণোদয় দহোটিয়া, বিজিত গগৈ,মুন্না বৰুৱা, পৰেশ বৰুৱাৰ  নাম আছে।

উল্লেখ্য  যে সন্ধিয়াৰ ভাগত সংঘটিত গ্ৰেণেড বিস্ফোৰণটোত ১২জনকৈ লোক আহত হৈছিল।

Your Comments