ৰাজ্যৰ বনবিভাগে জ্বলাই দিব মূল্যৱান ২৪৭৯ টা গড়ৰ খৰ্গ, কিন্তু কিয় পঢ়ক

A

নিউজ ডেস্ক:


ৰাজ্যত স্বাভাৱিক ভাৱে মৃত্যু হোৱা গড়ৰ খৰ্গ সংৰক্ষণ নকৰাৰ সিদ্ধান্ত  ৰাজ্যিক কেবিনেটৰ।বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে বৰ্তমান জমা হৈ থকা গড় খৰ্গসমূহ জ্বলাই দিয়া অনুমতি  প্ৰদান কৰে বন বিভাগক।

উল্লেখ্য যে সমগ্ৰ অসমত মুঠ ২৬২৩টা খৰ্গ জমা হৈ আছে।তাৰে ২৪৭৯টা খৰ্গ জ্বলাই দিব বন বিভাগে।৫০টা ন্যায়ালয়ত গোচৰ চলি থকাৰ বাবে ৰখাৰ বিপৰীতে ৯৪টা সংৰক্ষণৰ বাবে ৰাখিব বন বিভাগে৷ কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

উল্লেখ্য যে কেবিনেটৰ সিদ্ধান্ত অনুসৰি কাজিৰঙাত প্ৰাকৃতিক ইতিহাস সংগ্রাহালয় নিৰ্মান কৰি তাত ৰখা হ’ব সংৰক্ষণ হ'ব লগা ৯৪টা খৰ্গ।
পূৰ্বতে স্বাভাৱিক মৃত্যু বা অন্য যি কোনো কাৰণত মৃত্যু হোৱা গঁড়ৰ খৰ্গ সংগ্ৰহ কৰি টেজাৰীট জমা ৰাখিছিল বনবিভাগে।

Your Comments