২০ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান, অন্য শ্রেণীসমূহ কেতিয়াৰ পৰা হ’ব সবিশেষ পঢ়ক

A

নিউজ ডেস্ক:

ক'ৰনা পৰিস্থিতিৰ বাবে বিগত প্ৰায় ছমাহ ধৰি ৰাজ্যত বন্ধ থকা দশমশ্রেণীৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত হিমন্ত কেবিনেটৰ।২০ ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।স্বাস্থ্য বিভাগে ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কেবিনেটে এই সিদ্ধান্ত লোৱা বুলি পেগুৱে কয়।

উল্লেখ্য যে দ্বাদশ, স্নাতক চুড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চুড়ান্ত বৰ্ষৰ পাঠদানৰ নীতি-নিৰ্দেশনা প্ৰায় একেই হ'ব দশম শ্রেণী আৰম্ভ কৰাৰ ক্ষেত্ৰতো।সবিশেষ শিক্ষা বিভাগে প্ৰকাশ কৰিব এছঅ’পি।

প্ৰতিটো শ্রেণীকোঠাত সৰ্বাধিক ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ পাঠদান আৰম্ভ কৰাৰ নিৰ্দেশ।ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি হলে শাখাৰ ভিত্তিত শ্রেণী বিভক্ত কৰি লোৱাৰ আহ্বান শিক্ষা বিভাগৰ।পাঠদান আৰম্ভৰ পূৰ্বে বিদ্যালয়সমূহৰ শ্রেণীকোঠা চাফ-চিকুণ, চেনিটাইজেছন আদি বিদ্যালয় কৰ্তৃপক্ষক আৰম্ভ কৰাৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ।

আনহাতে অন্য শ্রেণীসমূহৰ ছাত্ৰ- ছাত্ৰী, অভিভাৱকক সাজু হৈ থকাৰ আহ্বান শিক্ষামন্ত্ৰীৰ।দশম শ্রেণীৰ পাঠদান ৭-১০ দিন পৰ্যবেক্ষণ কৰি পৰ্যায়ক্ৰমে অন্য শ্ৰেণীৰ পাঠদানসমূহ আৰম্ভ হ’ব বুলি পেগুৱে কয়।

উল্লেখ্য যে ক’ৰণাই  পাঠদান ব্যাহত কৰা পৰিপ্ৰেক্ষিতত দশম শ্রেণীৰ ৪০শতাংশ ছিলেবাছ ছেৱাই হ্ৰাস কৰিছে।

Your Comments