শুকুৰবাৰে কৰম পূজাৰ ৰাজ্যিক বন্ধ ঘোষণা

A

নিউজ ডেস্ক:

চাহ জনগোষ্ঠীৰ কৰম পূজাৰ বাবে ৰাজ্যিক বন্ধ ঘোষণা।১৭ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে ৰাজ্য চৰকাৰৰ অধীনস্থ কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব।আজি অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত।তাৎপৰ্যপূৰ্ণ কথা এই যে  কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ বাবেহে প্ৰযোজ্য হ'ব ৰাজ্যিক বন্ধ।

ইফালে চলিত বৰ্ষত কেৱল মাত্ৰ বন্ধ প্ৰযোজ্য হোৱাকৈ চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত একাংশই বিভিন্ন মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- উপ-নির্বাচনত মৰিয়নী আৰু থাওৰা সমষ্টিত জয়ী হোৱাৰ লক্ষ্যৰে ঘোষণা কৰিছে এই বন্ধ।কাৰণ সমষ্টিত চাহ-জনজাতিৰ ভোটাৰে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে।

Your Comments