বেংকত শাৰী পতা মহিলাৰ লগত ঠেলা-হেঁচা কৰি ভাইৰেল হোৱা ঋতুৰাজ গগৈ নামৰ যুৱকজনক শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ

নিউজ ডেস্ক :


ডিব্ৰুগড় থানা চাৰিআলি ভাৰতীয় ষ্টেট বেংক শাখাত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড। এই কাণ্ডৰ মূল অভিযুক্ত  ঋতুৰাজ গগৈ ওৰফে ঋতু নন্দেশ্বৰ শেনছোৱাক আজি দুপৰীয়া শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে  লম্পটটোক।উল্লেখ্য যে যোৱা মঙলবাৰে বেংক কাউণ্টাৰত শাৰী পাতি থকা এগৰাকী মহিলাক পাছফালৰ পৰা ঠেলা হেঁচা কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই ভাইৰেল ভিডিঅ'ৰ  ভিত্তিতে আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি.পি সিঙে ডিব্ৰুগড় আৰক্ষীক গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰিছিল।

ডিব্ৰুগড় আৰক্ষীৰ থানাত কৰা ১৭৯৩/২১ নম্বৰ গোচৰৰ ৩৫৪এ/৫০৯আইপিচি ধাৰাত শিৱসাগৰৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে কৰায়ত্ব কৰে লম্পটটোক।
ধৃত লম্পটতো অভিনেতা হিচাপেও পৰিচিত।ধাৰাবাহিকতো অভিনয় কৰা বুলি জানিব পৰা গৈছে।

সন্দেহ কৰা হৈছে ঋতুৰাজে বাছ যোগে কোনো স্থানলৈ পলায়নৰ যো-জা কৰিছিল।অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি.পি সিঙেও টুইটযোগে লম্পট চৰিত্ৰৰ ঋতুৰাজক গ্ৰেপ্তাৰৰ কথা প্ৰকাশ কৰিছে৷

Your Comments