পূজা আয়োজন কৰাৰ পূৰ্বে পঢ়ি লওঁক চৰকাৰৰ নতুন নিৰ্দেশনা

A

নিউজ ডেস্ক:

পূজা আয়োজনলৈ নতুন এছ'অপি ৰাজ্য চৰকাৰৰ।বুধবাৰে জনতা ভৱনত সংবাদমেলযোগে ঘোষনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।শাৰদীয় দুৰ্গা পূজাৰ পৰা কালি পূজালৈকে প্ৰযোজ্য হ'ব এই ক'ভিড নিৰ্দেশনা।

প্ৰতিখন পূজা কমিটিয়ে উপায়ুক্তৰ পৰা পূজা আয়োজনৰ অনুমতি লব লাগিব।অনুমতি আৱেদনত 
কমিটিৰ সদস্য সকলে ক’ভিডৰ পৰীক্ষা আৰু ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব।পূজা কমিটিৰ সদস্যসকলে প্ৰথমপালি ভেকচিন লোৱাতো বাধ্যতামূলক। 

পূজা মণ্ডপটো আহল বহল হোৱাৰ লগতে ভক্তৰ প্ৰৱেশ-প্রস্হানৰ পৃথক পৃথক পথ থকাটো বাধ্যতামূলক। 

আয়োজক সমিতিয়ে পূজা মণ্ডপত ৰাখিব লাগিব মাস্ক, চেনিটাইজাৰ।লগতে মাস্ক পৰিধান নকৰা ভক্তক প্ৰদান কৰিব লাগিব মাস্ক।


পূজাৰীয়ে ভেকচিন লৈহে কৰিব পাৰিব পূজা।একেদৰে দর্শনাৰ্থী- ভক্তসকলেও পূজা চাবলৈ লব লাগিব প্ৰথমপালি হলেও ভেকচিন ।

দুৰ্গা পূজাৰ আগদিনা অৰ্থাৎ পঞ্চমীৰ দিনা পূজাৰী, আয়োজক সমিতিৰ বিষয়ববীয়াই ক’ভিড পৰীক্ষা কৰা বাধ্যতামূলক।ঠিক পূজাৰ দশমীৰ তথা অন্তিম দিনাও পূজাৰী আৰু আয়োজক সমিতিয়ে ক’ভিড টেষ্ট বাধ্যতামূলক ভাৱে কৰিব লাগিব।


ভক্তসকলে পূজাথলী দৰ্শন কৰি ৰৈ থাকিব নোৱাৰিব চেনিটাইজ দৈনিক কৰিব লাগিব পূজাথলী।

 

পূজাত হ'ব পৰা জনসমাগমৰ তথ্য অনুমতি আয়োজক সমিতিসমূহে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব।


১৮বছৰ ঊৰ্দ্ধৰ ক’ভিড ভেকচিন নোলোৱাসকল প্ৰৱেশ কৰিব নোৱাৰিব পূজাস্থলীত।সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাত থাকিব বাধা।

চৰকাৰ, প্ৰশাসনে পূজাৰ ক্ষেত্ৰত আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত স্বাস্থ্যমন্ত্ৰীৰ।

Your Comments