অভিযুক্তক তদন্ত নকৰাকৈ এনকাউণ্টাৰ কৰা চৰকাৰে নিমাতী দুৰ্ঘটনাৰ দোষীক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয়- লুৰিনজ্যোতি গগৈ

A

নিউজ ডেস্ক:

'স্বাধীনতাৰ ৭০বছৰৰ পাছতো দলং এখন মাজুলীক দিব নোৱাৰাটো চৰকাৰসমূহৰ চুড়ান্ত ব্যৰ্থতা।বিশ্ব বিখ্যাত নদী দ্বীপটোত দলং দিবলৈ ৭০বছৰে নোৱাৰা কংগ্ৰেছ, অগপ, বিজেপি চৰকাৰৰ অক্ষমনীয়  অপৰাধ'- এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।

'নিমাতী নাওঁ দুৰ্ঘটনাৰ দায়িত্বশীল বিষয়াসকলক তদন্তৰ আওতালৈ আনিবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ। কাৰণ শীর্ষ বিষয়াৰে কমিচনৰ সম্পৰ্ক আছে বিভাগীয় মন্ত্ৰীৰ- গগৈয়ে কয়।

'বেয়া কামত অভিযুক্তক তদন্ত নকৰাকৈ এনকাউণ্টাৰ কৰে।কিন্তু দেখাকৈ দুইনম্বৰী কৰি থকাক কিয় তদন্তৰ আওতালৈ আনিব পৰা নাই' - চৰকাৰলৈ প্ৰশ্ন গগৈৰ৷

উল্লেখ্য যে বিভাগৰ অৱহেলাৰ বাবে নিমাতী নাওঁ দুৰ্ঘটনাত তিনিজন নিৰীহলোকে মৃত্যুক আঁকোৱালি ললে।আনহাতে, বিভাগৰ  তিনিজন বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হ’ল যদিও বৰ্তমানো গ্ৰেপ্তাৰ নহ’ল এজনো বিষয়া।

Your Comments