যাত্ৰীৰ সুৰক্ষাৰ বাবে মাজুলী ফেৰী সেৱা গুৱাহাটীৰ পৰা চিচিটিভিৰে নিৰীক্ষণ হ'ব- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:

নিমাতীঘাটত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।ভয়ংকৰ নাওঁ দুৰ্ঘটনাৰ পাচত নিমাতীঘাটৰ ফেৰী চলাচলৰ সবিশেষ বুজ লয় মুখ্যমন্ত্ৰীয়ে।নাওঁ দুৰ্ঘটনাৰ পাছতে তাৎক্ষণিক ভাৱে এটা ইঞ্জিনযুক্ত নাওঁ চলাচল বন্ধ কৰাত যাতায়তৰ দুৰ্ভোগ ভুগিছে মাজুলীৰ জনতাই।চৰকাৰৰ হাতত তাৎক্ষণিকভাৱে ব্যৱস্থা লব পৰা সুবিধা নাছিল।যাৰ ফলত জনতাই কিছু সমস্যাত পৰিছিল- মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়।

বৰ্তমান আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুখনকৈ ৰ-পেক্স চলাচল কৰি আছে।প্ৰথমে দুটা টিপৰ ব্যৱস্থা কৰা হৈছিল যদিও যাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰ-পেক্সৰ তিনিটা টিপ কৰা হৈছে।আগন্তক দুদিনৰ ভিতৰত এম.এছ ৰাজলক্ষ্মী আৰু এছ.এছ ডিগাৰু মাজুলীবাসীয়ে পাব।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলীত চলি থকা নাওঁ পৰীক্ষা কৰি ২খন ১২০ এইচ.পি আৰু ১০৮ এইচ.পি মেৰাইন ইঞ্জিন সংলগ্ন থকা পাইছে।উক্ত নাওঁদুখন চলাচল কৰাৰ অনুমতি আজিৰ পৰা দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।লগতে কয় যাত্ৰীৰ সুৰক্ষাৰ লাইফ জেকেট, নিৰ্ধাৰণ কৰা সময়, যাত্ৰীৰ বহন ক্ষমতা মানিব লাগিব।

আনহাতে, যাত্ৰীয়ে টিকট এতিয়াৰ পৰা অনলাইনৰ জৰিয়তে কৰিব পাৰিব।অহা ২১-২২ ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰে মুকলি কৰিব এ'প।সেই সুবিধা উপলব্ধ হলে যাত্ৰীয়ে ঘাটত টিকট ক্ৰয় কৰাৰ বাবে শাৰী পাতিব নালাগিব- শৰ্মাই কয়।

কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দুখনকৈ ৰ-পেক্স আৰু জে'টি অসমলৈ দিয়াৰ আহ্বান জনোৱা বুলি তেওঁ লগতে কয়।

আনহাতে, মাজুলীত চলাচল কৰি থকা ৮ খন নাঁৱৰ মেৰাইন ইঞ্জিন চৰকাৰে বিনামূলীয়াকৈ আগবঢ়াব ।মেৰাইন ইঞ্জিন আহি পাবলৈ ৬০ দিনৰ সময় লাগিব বুলিও শৰ্মাই কয়।

মাজুলীলৈ নদী পথেৰে আহিব  যাব নোখোজাৰ বাবে নৈশ বাছৰ ব্যৱস্থা কৰা হৈছে।মাজুলী-বগীনদী -ডিব্ৰুগড় হৈ যোৰহাটলৈ চলাচল কৰিব নৈশ বাছ।যাত্ৰীৰ সংখ্যা বৃদ্ধি হলে বাছৰ সংখ্যা বৃদ্ধি কৰা হ'ব।

মাজুলী ফেৰী চলাচল এতিয়াৰ পৰা গুৱাহাটীৰ পৰা চিচিটিভিৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব- মুখ্যমন্ত্ৰীয়ে কয়।

Your Comments