বিজ্ঞাপন প্ৰকাশ, ২৪অক্টোবৰত টেট পৰীক্ষা, কি কি লাগিব পঢ়ি জানি লওঁক

A

নিউজ ডেস্ক:
 
ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ।শিক্ষা বিভাগে অনুষ্ঠিত কৰিব শিক্ষকৰ যোগ্যতা পৰীক্ষা চমুকৈ টেট।অহা ২৪ অক্টোবৰত  অনুষ্ঠিত কৰিব টেট পৰীক্ষা।শিক্ষা বিভাগে প্ৰকাশ কৰিলে টেট পৰীক্ষাৰ বিজ্ঞাপন।পৰীক্ষাৰ আবেদনত ৭টা জ'নৰ পৰা  পচন্দৰ জ'ন নিৰ্বাচিত কৰিব লাগিব প্ৰাৰ্থীয়ে।
 
বিজ্ঞাপনত প্ৰকাশ পোৱা অনুসৰি নিম্ন প্ৰাথমিকৰ প্ৰাৰ্থীজন নূন্যতম ৫০শতাংশ নম্বৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ লগতে থাকিব লাগিব বি.এড অথবা ডি.এলএড ডিগ্রী।

একেদৰে উচ্চ প্ৰাথমিকৰ স্নাতক ডিগ্ৰীধাৰীৰ লগতে দুবছৰীয়া বিএড ডিগ্ৰী অথবা ডিএলএড উৰ্ত্তীণ হ'ব  লাগিব।


অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব লাগিব।আবেদনৰ অন্তিম তাৰিখ ২৫ছেপ্টেম্বৰ।

Your Comments