ক্ৰিকেটক বিদায় জনালে মালিংগাই

A

নিউজ ডেস্ক:

শ্ৰীলংকাৰ কিংবদন্তি ক্ৰিকেটাৰ লাচিথ মালিংগাই ল’লে  অৱসৰ।ক্ৰিকেটৰ সকলো ফৰ্মেটক বিদায় জনোৱাৰ কথা টুইটাৰযোগে ঘোষণা কৰে ইয়কাৰ কিং খ্যাত বলাৰ গৰাকীয়ে।


উল্লেখ্য যে ৩৮ বছৰীয়া বলাৰ লাচিথে ২২৬খন এদিনীয়া ক্ৰিকেটত ভাগ লৈ ৩৩৮টা উইকেট দখল কৰিছে।৮৪খন টি-২০ত ১০৭টাকৈ উইকেট দখল কৰিছে।৩০খন টেষ্টত ১০১ টা উইকেট দখল কৰিছিল।

ইয়কাৰ কিং খ্যাত মালিংগা বিশ্বৰ যিকোনো বেটছমেনৰ বাবে চিন্তা কাৰণ আছিল।

Your Comments