বিৰোধী সমষ্টিক প্ৰতাৰণা কৰিছে হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে- দেৱব্ৰত শইকীয়া

A

নিউজ ডেস্ক:


'দল-মত নিৰ্বিশেষে ৰাজ্যৰ  প্ৰতিটো বিধানসভা সমষ্টিৰ সম-উন্নয়নক প্ৰাধান্য প্ৰতিশ্ৰুতিৰে সংবিধানৰ শপত লোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে বিৰোধীৰ দখলত থকা  সমষ্টিসমূহ উন্নয়নত প্ৰতাৰণা কৰিছে।বিজেপি বিধায়কৰ সমষ্টি সমূহৰ উন্নয়নত গুৰুত্ব দিছে'- এই বিস্ফোৰক অভিযোগ বিৰোধী দল পতি দেৱব্ৰত শইকীয়াৰ।বিশেষকৈ আগন্তুক উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি থাওৰা, মৰিয়নী, ভৱানীপুৰ এই সমষ্টিকেইটাত চৰকাৰৰ ৩-৪ জনকৈ মন্ত্ৰী উপস্থিত হৈ বিভিন্ন আধাৰশিলা স্থাপন কৰি আছে। আধাৰশিলা স্থাপন কৰি, প্ৰলোভন দেখুৱাই ৰাইজক প্ৰতাৰণা কৰাটো বিজেপিৰ এক বৈশিষ্ট্য বুলি কংগ্ৰেছ  বিধায়ক গৰাকীয়ে কয়।

বজাৰত টেঙা আম ভিন্ন ৰঙ মিশ্ৰণ কৰি বিক্ৰী কৰাত বিজেপি দলটো সিদ্ধহস্ত বুলি কটাক্ষ কৰে শইকীয়াই।

ৰাজ্যৰ উন্নয়নমূলক কামত বিৰোধী বিধায়ক থকা সমষ্টিক আওকাণ কৰি মাত্ৰ ভোট দখলৰ উদ্দেশ্যে বিজেপি দলৰ প্ৰতিনিধি থকা সমষ্টিক বিশেষ গুৰুত্ব দিয়াটো সাংবিধানিক মূল্যবোধৰ ওপৰত কুঠাৰাঘাট।মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবিধানিক মূল্যবোধক প্ৰাধান্য দি প্ৰতিটো সমষ্টিৰ উন্নয়নৰ হকে কাম কৰাৰ আহ্বান শইকীয়াৰ।

Your Comments