পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত সুস্মিতা দেৱ

A

নিউজ ডেস্ক:


সুস্মিতা দেৱক পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত  কৰিছে তৃণমূল কংগ্ৰেছে ৷ কংগ্ৰেছ ত্যাগ কৰাৰ এমাহৰো কম সময়ৰ ভিতৰতে তৃণমূল কংগ্ৰেছে সুস্মিতা দেৱক ৰাজ্যসভালৈ মনোনীত কৰে। মমতা বেনাৰ্জীৰ দলত  যোগদান কৰাৰ সময়ত, সুস্মিতা দেৱে কৈছিল যে তেওঁ ‘ৰাজহুৱা সেৱাৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে।’

সুস্মিতা দেৱে আগৰতলাত আশ্ৰয় লৈ শাসকীয় বিজেপিৰ বিৰোধিতা কৰি যুঁজ আৰম্ভ কৰিছে ৷ মঙলবাৰে তৃণমূল কংগ্ৰেছৰ অফিচিয়েল ছাইটৰ পৰা সুস্মিতা দেবে টুইট কৰি কয় যে সংসদৰ উচ্চ সদনলৈ মনোনীত কৰাত তেওঁ অত্যন্ত আনন্দিত।

এই সুযোগ দিয়াৰ বাবে মমতা বেনাৰ্জীক ধন্যবাদ জনাই সুস্মিতা দেৱে৷ টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়  যে “তৃণমূল কংগ্ৰেছৰ লগতে  মই মোৰ নেতা মমতা বেনাৰ্জীক অন্তৰৰ পৰা ধন্যবাদ জনাইছো। সংসদত অধিক মহিলাক চাব খোজে মমতা বেনাৰ্জীয়ে। মই মোৰ সৰ্বশ্ৰেষ্ঠ কাম দিবলৈ প্ৰয়াস কৰিম”।

Your Comments