অসম চুক্তিৰ ৫ আৰু ৬ নং দফা কাৰ্যকৰী, কা’ বাতিলৰ দাবীত ৰাজ্যজুৰি এজেপিৰ জাতীয় গৰ্জন

A

নিউজ ডেস্ক:


‘পাঁচ নং দফা হৈছে অসম চুক্তিৰ আত্মা৷আত্মাক হত্যা কৰি চুক্তি ৰূপায়ন কৰিম বুলি কোৱাটো এটা প্ৰতাৰণা৷এনে প্ৰতাৰণা মানি লোৱা নহয়’৷-মূলত এই দাবীৰে মঙলবাৰে ৰাজ্যৰ ৰাজপথ উত্তাল কৰে অসম জাতীয় পৰিষদে।অসম চুক্তিৰ পাঁচ আৰু ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ লগতে অসমত কা বলৱৎ নকৰাৰ দাবীৰে ৰাজ্যজুৰি ‘জাতীয় গৰ্জন’ কাৰ্যসূচী সাব্যস্ত কৰে।ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত দলৰ নেতা-কৰ্মীসকলে সমবেত হৈ ‘অসম চুক্তিৰ ৫ আৰু ৬নং দফা কাৰ্যকৰী কৰক’, ‘অসম চুক্তিৰ আত্মাক হত্যা নকৰিব’, ‘অসম চুক্তিৰ ৬নং দফাৰ আধাৰত খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰক’, কা বাতিল কৰক' আদি শ্লোগানেৰে ৰাজ্যৰ ৰাজপথ উত্তাল কৰি তোলে৷


গুৱাহাটী মহানগৰীৰ চানমাৰি উৰণীয়া সেতুৰ তলত কামৰূপ(ম) জিলা সমিতিয়ে ৰূপায়ণ কৰে জাতীয় গর্জন।জাতীয় গর্জনত উপস্থিত থাকে দলটোৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা।

উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ সময়ত ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিক অ-প্ৰাসংগিক বুলি মত প্ৰকাশ কৰিছিল৷কিন্তু চৰকাৰ গঠনৰ পিছত অসম চুক্তি ৰূপায়নৰ নামত এলানি সভা-সমিতি পাতি চুক্তি খনৰ ৫ আৰু ৬নং দফাক বাদ দি বাকী দফাসমূহত উল্লেখিত কিছুমান কম গুৰুত্বপূৰ্ণ কাম কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ অথচ উক্ত দুয়োটা দফাত উল্লেখিত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ তথা অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বিষয়টো চৰকাৰে স্পষ্টভাৱে উপেক্ষা কৰিছে'- অভিযোগ এজেপিৰ।


জাতীয় গর্জন কাৰ্যসূচীৰ সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰিন জ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় “এনডিএ চৰকাৰে সংসদত নাগৰিকত্ব (সংশোধনী) আইন গৃহীত কৰি ইতিমধ্যেই অসম চুক্তিৰ আত্মাক হত্যা কৰিলে৷ ৬নং দফা কাৰ্যকৰী কৰাৰ জৰিয়তে অসমীয়া জাতিক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা হ’ব বুলি আশ্বাস দি কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মাৰ কমিটী গঠন কৰি দিছিল৷উক্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদন ডেৰ বছৰতকৈ অধিক সময় ধৰি দিছপুৰত অৱহেলিত হৈ পৰি থাকিল৷ গতিকে অসমীয়া মানুহক বিজেপি নেতৃত্বাধীন চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে জনমত গঠন কৰাটো সময়ৰ আহ্বান৷জাতীয় গৰ্জন কাৰ্যসূচীৰ জৰিয়তে জাতিসত্বাক সুৰক্ষিত কৰাৰ সংগ্ৰামখন পুনৰ শক্তিশালী ৰূপত গঢ় দিয়াৰ প্ৰয়াস চলোৱা হৈছে"৷ 

“ধৰ্মৰ ভয় দেখুৱাই শাসন চলাই থকা বিজেপি দলে অসমীয়া মানুহৰ ভাষা হেৰুওৱাৰ উপক্ৰম হোৱাৰ বিষয়টো সন্দৰ্ভত নিমাত৷ ধৰ্মৰ ভিত্তিত সমাজখনক ভাগ কৰা বিজেপিদল আৰু ইয়াৰ চৰকাৰৰ অসমীয়া বিদ্বেষী কাৰ্যকলাপ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে৷২০৩১ চনত অসমত অসমীয়া মানুহ যে সংখ্যালঘুত পৰিণত হ’ব, সেই কথা উপলব্ধি কৰি অসম জাতীয় পৰিষদে জাতীয় অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ সংগ্ৰামখন তীব্ৰ ৰূপত আগবঢ়াই নিবলৈ সংকল্পবদ্ধ৷”- গগৈ আৰু ভূঞাই কয়৷B

Your Comments