নিমাতীৰ দুৰ্ঘটনাগ্ৰস্ত নাওঁখনৰ গৰাকী পানীৰাম কলিতা আৰক্ষীৰ জালত: মুঠ ১২জনক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

নিমাতীঘাটত দুৰ্ঘটনাগ্ৰস্ত নাওঁখনৰ গৰাকীক গ্ৰেপ্তাৰ।যোৰহাট আৰক্ষীৰ দলে ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছে পানীৰাম কলিতাক।সোমবাৰে দিনৰ ২ বজাত ডিব্ৰুগড় আদিত্য নাছিং হোমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নাঁৱৰ গৰাকীক।উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰিছিল কলিতাই।এই কথা অৱগত কৰিছে যোৰহাট আৰক্ষীয়ে।

গুৰুত্বপূৰ্ণ কথা এই যে  দুৰ্ঘটনাগ্ৰস্ত 'মা কমলা' নামৰ ফেৰীখনৰ গৰাকী কলিতাই ডিব্ৰুগড় ব্যক্তিগত চিকিৎসালয় খনত স্বাস্থ্য দেখাবলৈ উপস্থিত হোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।ফৌজদাৰী গোচৰৰ অধীনত ৩০৪ ধাৰাত কলিতাক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰে আৰক্ষীয়ে।

বৰ্তমানলৈ মুঠ ১২জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।৭জন অভিযুক্তক  ৬দিনৰ আৰক্ষী জিম্মাৰ বিপৰীতে ৪জনক ২দিনৰ আৰক্ষীৰ জিম্মালৈ  প্ৰেৰণ কৰিছে।মঙলবাৰে নাওঁখনৰ গৰাকী পানীৰাম কলিতাক হাজিৰ কৰোৱা হ’ব ন্যায়ালয়ত।উল্লেখ্য  যে দেওবাৰে পানীৰাম কলিতাৰ পুত্ৰও গ্ৰেপ্তাৰ হৈছে।

যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত নাওঁ দুৰ্ঘটনাত ৩জন মৃত্যু হৈছিল।তাৰে এগৰাকী বর্তমানো সন্ধানহীন।

Your Comments