নিমাতীৰ নাওঁ দুৰ্ঘটনা তদন্তৰ বাবে মন্ত্ৰী,শীর্ষ বিষয়া, নাওঁ মালিকক আটক কৰাৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ

A

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত দুবাৰকৈ আধাৰশিলা স্থাপন কৰা বিজেপিয়ে আগন্তক ৪বছৰত যোৰহাট-মাজুলী দলঙৰ কাম আৰম্ভ কৰিব নে শেষ কৰিব বুলি হিমন্ত চৰকাৰলৈ প্ৰশ্ন দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।দিছ্পুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয়- ৮ছেপ্টেম্বৰত নিমাতী ঘাটত সংঘটিত নাওঁ দুৰ্ঘটনাৰ বাবে  বিভাগীয় মন্ত্ৰী, আৰু বিষয়ববীয়াৰ বিৰুদ্ধে
বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।অহা দিনসমূহত যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে জল পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমান্তৰাল ভাৱে বিভাগীয় কৰ্মকৰ্তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ধেমাজী আৰু ডিব্ৰুগড় সংযোগী বগীবিল দলঙৰ নিৰ্মাণ সম্পূ্ৰ্ণৰ বাবে ১৬ বছৰ, ধলা-শদিয়া ৬বছৰ,নতুন শৰাইঘাট ৯বছৰ, কলীয়াভোমোৰা নিৰ্মাণৰ বাবে প্ৰয়োজন হৈছিল ৬ বছৰ।গতিকে পূৰ্বৰ তথ্যৰ পৰা এটা সন্দেহ ৪বছৰত ৮কিঃমিঃ দৈৰ্ঘ্যৰ এখন দলং সাজি উলিওৱাটো কিমান সম্ভৱপৰ!- গগৈয়ে কয়।

'২০১৮চনৰ ৫ছেপ্টেম্বৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী ফেৰী সেৱাত  সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ পাছতে আভ্যন্তৰীণ জল পৰিবহন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে অসম বিধানসভাত ঘোষনা কৰিছিল চৰকাৰী ফেৰী, নাওঁসমূহত দুটা  ইঞ্জিন বাধ্যতামূলক।লগতে যাত্ৰীৰ  বিপৰীতে থাকিব লাগিব পৰ্যাপ্ত পৰিমানৰ লাইফজেকেট।কিন্তু আশ্চৰ্যজনক কথা সমগ্ৰ ৰাজ্যত  যোৱা ৩বছৰ এটা ইঞ্জিন চালিত নাওঁ চলাচল কৰি আছে।কোনো দিনে যাত্ৰীক দিয়া হোৱা নাছিল লাইফজেকেট'- সভাপতি গগৈয়ে কয়।

চৰকাৰে ঘোষণা কৰা সিদ্ধান্ত বিলাক বাস্তৱত ৰূপায়ন কৰাৰ  দায়িত্ব বিভাগীয় বৰমূৰীয়া আৰু কৰ্মচাৰীৰ।মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ বাবে জগৰীয়া বিভাগীয় বৰমূৰীয়া -কৰ্মচাৰীক নিলম্বন আৰু জেললৈ প্ৰেৰণ কৰাৰ দাবী জনায় সভাপতি গগৈয়ে কয়- মন্ত্ৰী পাটোৱাৰীয়ে কেৱল ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে আঁচনি ৰূপায়ন আৰু কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে।তেনে ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়।

আনহাতে, নিমাতী ফেৰী দুৰ্ঘটনাত ১০জন নিম্ন পৰ্যায়ৰ কৰ্মচাৰীক আটক কৰি ঘটনাৰ তদন্তৰ নামত আৰক্ষীয়ে যি দায়িত্ব পালনৰ নাটক কৰিছে সেয়া পৰিত্যাগ কৰি  বিভাগীয় মন্ত্ৰী, বিভাগীয় উচ্চ পদস্থ  বিষয়া , ব্যক্তিগত  নাওঁ সমূহৰ মালিক আৰু মধ্যভোগী দালাল সকলক আটক কৰি শাস্তি দিবলৈ দাবী জনায়।

Your Comments