অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰীক প্ৰাপ্য দৰমহা প্ৰদান কৰাৰ দাবী

A

নিউজ ডেস্ক:

'ৰাজ্যৰ নগৰ আৰু ইয়াৰ পাৰ্শ্বৱতী এলেকাৰ পৰিকল্পিত উন্নয়ন আৰু সুষম বিকাশৰ স্বাৰ্থত 'অসম নগৰ আৰু গাঁও পৰিকল্পনা আইন১৯৫৯ আধাৰত গঠিত ২৪খনকৈ উন্নয়ন প্ৰাধিকৰণ আজি আৰ্থিক সংকটত জুৰুলা।অসম পৌৰ আইন-১৯৫৬ আৰু নগৰ আৰু গাঁও পৰিকল্পনা আইন-১৯৫৯ক চৰকাৰে ২০১২ চনত সংশোধন কৰাৰ পাছৰ পৰা উন্নয়ন প্ৰাধিকৰণৰ আয়ৰ উৎস নোহোৱা হৈ পৰিল'- এই অভিযোগ সদৌ অসম উন্নয়ন প্ৰাধিককৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ।আয়ৰ উৎস কমি যোৱাৰ ফলত প্ৰাধিকৰণত  কৰ্মৰত প্ৰায় ৩০০জন কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে আৰ্থিক সমস্যা।ভালে মাহ ধৰি কৰ্মচাৰী সকল বঞ্চিত হৈ আহিছে প্ৰাপ্য দৰমহাৰ পৰা। সৰ্বাধিক ৭২মাহ লখিমপুৰ, ৪৭ মাহ সোণাৰী, ৪৫ মাহ বৰপেটা, ৪০ মাহ ডিব্ৰুগড়, ৪২ মাহ গোলাঘাটৰ কৰ্মচাৰীয়ে বঞ্চিত হৈ আছে দৰমহা লাভৰ পৰা।গুৱাহাটীৰ প্ৰেছ ক্লাবত এই কথা সংবাদমেলৰ জৰিয়তে কয় মঞ্চ সভাপতি বাণীকান্ত বৰুৱাই।উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীৰ কৰ্ম নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰক বাৰম্বাৰ দৃষ্টিগোচৰ কৰি অহা হৈছে যদিও এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ মঞ্চ সভাপতিৰ।

উল্লেখ্য যে চৰকাৰ বিভিন্ন উন্নয়ন মূলক কৰ্মৰ সৈতে জড়িত কৰ্মচাৰী সকলক বছৰি দৰমহা দিয়াৰ বাবে ১৫-১৮কোটি টকাৰ প্ৰয়োজন কিন্তু এই কম পুঁজিয়েই চৰকাৰে প্ৰদান নকৰে।

আনহাতে কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ কৰাৰো সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।ইফালে কৰ্মচাৰীসকলৰ অনিশ্চিত দৰমহা, অৱসৰৰ পাছত পাব লগা পেঞ্চন, গ্ৰেচুইটি ব্যৱস্থা কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীক।

সোমবাৰৰ সংবাদমেলৰ জৰিয়তে  চৰকাৰক সকীয়নী প্ৰদান কৰি কয়- 'কৰ্মচাৰীৰ  প্ৰাপ্য দৰমহা শীঘ্ৰে মুকলি কৰি নিদিলে যিকোনো ধৰণৰ আইন সংগত আৰু গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব'।

Your Comments