বশিষ্ঠাশ্ৰম দেৱালয়ৰ সভাগৃহৰ আধাৰশিলা স্হাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

A


 
নিউজ ডেস্ক:
আজি অসমৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় স্হান বশিষ্ঠাশ্ৰম দেৱালয়ৰ সভাগৃহৰ আধাৰশিলা স্হাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷সম্পূৰ্ণ মাংগলিক অনুষ্ঠানৰ মাজেৰে সম্পন্ন হয় আধাৰশিলা স্হাপনৰ কাম ৷৷উল্লেখযোগ্য যে বিশিষ্ট সমাজকৰ্মী অনুপম শৰ্মা আৰু প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণে এই সভাগৃহটিৰ পুননিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰিছে ৷ আধাৰশিলা স্হাপনৰ কাম সম্পন্ন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বিশিষ্ট সমাজকৰ্মী দুগৰাকীৰ এই পদক্ষেপৰ মই শলাগ লোৱাৰ লগতে তেখেতসকলক আন্তৰিক ধন্যবাদো জ্ঞাপন কৰে ৷ তেওঁ লগতে কয় যে "ধৰ্মীয় আৰু ঐতিহাসিক দিশৰ  উপৰি মঠ মন্দিৰসমূহ অসমৰ  সাংস্কৃতিক ঐতিহ্যৰ এক পৰিচয় ৷এই মঠ- মন্দিৰসমূহ সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি যাব ৷ উল্লেখযোগ্য যে বশিষ্ঠাশ্ৰম দেৱালয়ত ধৰ্মীয় পৰ্যটনৰ সহায়ক হোৱাকৈ আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা চৰকাৰে ইতিমধ্যে যুগুত কৰিছে ৷"C

Your Comments