মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চহী জালিয়াতি কৰি আৰক্ষীৰ জালত প্ৰৱঞ্চকৰ দল

A

নিউজ ডেস্ক:

নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চহীৰ জালিয়াতি কৰি আৰক্ষীৰ হাতত ধৰা পৰিল কেইবাজনো প্ৰৱঞ্চক।উল্লেখযোগ্য যে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ধৰা পৰিছিল লোহিত কনষ্ট্ৰাকশ্যনত হোৱা চহী জালিয়াতিৰ তথ্য ৷এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে দাখিল কৰিছিল এখন এজাহাৰ ৷ অভিযোগ অনুসৰি ইমৰান শ্বাহ আৰু ৰাজীৱ কলিতাই নিয়ন্ত্ৰণ কৰিছিল এই চক্ৰটোক।৷লগতে দিলীপ দাস , অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰীয়ে সংগ্ৰহ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ  প্ৰকৃত চহী ।জানিব পৰামতে ৩ কোটি টকাৰ ঠিকাৰ বাবে ৱৰ্ক অৰ্ডাৰ প্ৰস্তুত কৰিছিল এই  লোককেইজনে ৷বৰ্তমানেও পলাতক অৱস্থাত আছে ঠিকাদাৰ অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰী ৷এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মত প্ৰকাশ কৰে যে "ঘটনাটো গম পোৱাৰ লগে লগেই গুৱাহাটী মহানগৰ আৰক্ষীৰ দল এটা ততাতৈয়াকৈ দিল্লীলৈ ৰাওনা হয় , আৰু দিল্লীলৈ গৈ বহুত কষ্টৰে ইমৰাণ শ্বাহক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷"B

Your Comments